ম্যাদ উকলিল অথচ মিতিৰালি আছেই বন বিষয়াৰ !

উল্লেযোগ্য যে যোৱা আগষ্ট মাহতে ম্যাদ উকলা মহল সমূহে এতিয়াও অবৈধ খনন অব্যাহত ৰাখিছে ধুবুৰীত৷ সন্ধিয়া হোৱাৰ লগে লগে এটা চক্ৰই আৰম্ভ কৰি দিয়ে খনন কাৰ্য। তামাৰহাটৰ কেইবাখনো মহলৰ লগতে গোলকগঞ্জৰ বেলগুৰি, কাঠোলতলী, মৰাগদাধৰ ইত্যাদি ঠাইত চলিছে এই খনন কাৰ্য।যোৱা কালি ধুবুৰী জিলাৰ গোলকগঞ্জৰ লোহাজানী বজাৰৰ গংগাধৰ নৈ পৰা AS 01 KC- 8372 নম্বৰৰ গাড়ী এখনে অবৈধ ভাবে শিল খনন কৰি লৈ যোৱাৰ সময়ত ছাগলীয়া খণ্ড বন কাৰ্যালয়ৰ বিষয়াই এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় যদিও দিনে নিশাই চলি আছে এটা চক্ৰৰ খনন কাৰ্য।এতিয়া প্ৰশ্ন হয় কেৱল এখন দুখন গাড়ী জব্দ কৰিয়েই দ্বায়িত্ব সামৰিব নেকি বন বিভাগে ? এই চক্রটোক উৎখাত কৰিবলৈ বন বিভাগে সক্ষম হ’ব নে নাই সেয়া হব লক্ষণীয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296