৫ নবেম্বৰত উদযাপিত হ’ব সমন্বয়ৰ দিন

পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন ছাত্ৰ সন্থাৰ লগতে অসম অৰুণাচল সীমান্তবৰ্তী বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত ভাৰত ৰত্ন অসম গৌৰৱ বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকা দেৱৰ একাদশ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি “সমন্বয় দিন ” হিচাপে উদযাপন কৰা হ’ব ৫ আৰু ৬ নৱেম্বৰত। অসম অৰুণাচল সীমান্তবৰ্তী এডেনবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হ’ব ‘সমন্বয়ৰ দিন’। ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” অসমীয়াৰ লগতে বড়ো, গাৰো, কাৰ্বি, চাহ জনগোষ্ঠী, আদিবাসী, উড়িয়া, নেপালী আদি বিভিন্ন ভাষাত অনুবাদ কৰি পৰিবেশন কৰিব স্থানীয় ৰাইজে। উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমূজ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296