‘দ্বিতীয় শুৱালকুছি’ৰ সংকট

সূতাৰ অত্যাধিক মূল্যবৃদ্ধি , বহিঃৰাজ্যৰ মেচিনত বনোৱা কাপোৰৰ সমাদৰ আৰু মধ্যভোগীৰ দপদপনিয়ে অশনি সংকেত নমাই আনিছে নগাঁও জিলাৰ কচুৱাৰ বস্ত্ৰ উদ্যোগলৈ।কম মূল্যত পোৱা বৰ্হিৰাজ্যৰ মেচিনৰ বস্ত্ৰই অশনি সংকেত নমাই আনিছে অসমৰ দ্বিতীয় শুৱালকুছিখ্যাত কচুৱালৈ।বহিৰাগত বণিয়া মধ্যভোগীৰ কবলত অমানিশা নামিছে কচুৱাৰ বস্ত্ৰ নিৰ্মাতা সকলৰ জীৱনলৈ।চৰকাৰৰ অমনোযোগিতায়ো পানীত হাঁহ নচৰা অবস্থা কৰিছে এইসকলক।কেইবছৰ মান আগলৈকে অঞ্চলটোত মাকোৰ খট খট শব্দত ৰাতিপুৱা হৈছিল।অসমৰ দ্বিতীয় শুৱালকুছি ৰূপে খ্যাত কচুৱা অঞ্চলৰ বস্ত্ৰ উদ্যোগ সমূহলৈ এতিয়া ঘোৰ অমানিশা নামি আহিছে।উল্লেখ্য যে কচুৱা অঞ্চলৰ গেৰজাইপাম ,কচুৱা ,মাধৱপাৰা জুৰিপাৰ ,চানখোলা পঞ্চায়তৰ হাজাৰ হাজাৰ লোকে থলুৱা মাটিৰ শালত কাপোৰ বৈ নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে বহু নিৱনুৱাক সংস্থাপন দি আহিছে।বহুবছৰ ধৰি এই কৰ্মত জড়িত লোক সকলে এতিয়া মূৰে কপালে হাত দিছে।মূলতঃ সূতাৰ অত্যাধিক মূল্যবৃদ্ধি, বহিঃৰাজ্যৰ মেচিনত বনোৱা কাপোৰ আৰু মধ্যভোগীৰ দপদপনিয়ে অশনি সংকেত নমাই আনিছে নগাঁও জিলাৰ কচুৱাৰ বস্ত্ৰ উদ্যোগলৈ। মাটিশালত গামোচাৰ লগতে পুৰুষ মহিলাৰ কাপোৰ বৈ নিজৰ লগতে পৰিয়ালক পোহপাল দিব পাৰিছিল অঞ্চলটোৰ বোৱনীসকলে।লকডাউনৰ পিছত এতিয়া সেই পৰিবেশ নাই।বহুতে কাপোৰ বোৱা কাম বন্ধ কৰিছে।কিছুলোকৰ অভিযোগ চৰকাৰীভাৱে সমবায়ৰ জৰিয়তে সূতা যোগান ধৰে যদিও সেয়া প্ৰকৃত হিতাধিকাৰীৰ হাতত নপৰি এচাম মধ্যভোগী দালালৰ হাতত পৰা বাবে উদ্যোগী সকলে অত্যাধিক দামত সূতা ক্ৰয় কৰিবলগীয়া হোৱাৰ বিপৰীতে বজাৰত কাপোৰৰ মূল্য কম হোৱাত সমস্যাত পৰিছে এই সকল শিপিনী তথা বস্ত্ৰ উদ্যোগী।আনফালে বহিঃৰাজ্যৰ গামোচাই অসমৰ বজাৰ দখল কৰাত অসমৰ থলুৱা বস্ত্ৰ উদ্যোগীৰ জীৱনলৈ অমানিশা নামি আহিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296