গছ ভাল পোৱা যুৱককেইজন …

Save Tree Save Earth -এই উদ্দেশ্য লৈ চাইকেল চলাই ভাৰত ভ্রমণৰ উদ্দেশ্যে ওলোৱা তিনি যুৱক মাজবাটত আহি উপস্থিত হয়। উত্তৰ প্ৰদেশৰ যুৱক অজিত যাদৱে বাংগালোৰৰ পৰা ২০ দিনীয়াকৈ আৰম্ভ কৰা যাত্ৰাত ছত্তীশগড়ৰ যুৱক যোগেশ মাৰকাম আৰু পিছত বঙাইগাঁৱৰ পৰা দীপাংকৰ ৰাভা তেওঁলোকৰ সংগী হয়। জানিব পৰা মতে যেগেশ মাৰকামে ১৮ খন ৰাজ্যৰ ১৩,০০০ কিলোমিটাৰ পথ অতিক্রম কৰে।অজিত যাদৱে বাংগালোৰৰ পৰা একে উদেশ্য লৈয়ে যোগেশক সংগ দিয়ে। তিনি জন যুৱকেই কালি সন্ধিয়া ৭-০০ মান বজাত মাজবাটত উপস্থিত হোৱাৰ লগে লগে তিনিওজন যুৱকক আদৰণি জনাই মাজবাট ৰাজহ চক্র বিষয়া উৎপল কুমাৰ ডেকা,মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ গোঁহাই,অৱসৰপ্ৰাপ্ত শিক্ষক তথা মাজবাটৰ সমাজ সেৱক ৰামকৰন গোঁড়ৰ লগতে মাজবাটৰ বিভিন্ন জাতীয় সংগঠন,আছা,আটছা , মাজবাট আঞ্চলিক গোঁড় সমাজ,গোৰ্খা , বজৰং দল,হিন্দী ভাষী যুৱ ছাত্র পৰিষদ,ৰাভা ছাত্র সন্থাৰ লগতে স্থানীয় লোকে উস্ম আদৰণি জনায়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296