নলাৰ পানীয়েই মূল কুন্দানলাত

Share This Article

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ! হাইলাকান্দিত।চৰকাৰে বিশুদ্ধ খোৱা পানীৰ বাবে কোটি কোটি টকা খৰচ কৰিছে ঠিকেই কিন্তু এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে হাইলাকান্দি জিলাৰ কুন্দানলা গাঁৱৰ এলেকাৰ কেইবা শতাধিক ৰাইজে । দীৰ্ঘ বছৰৰ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এই সকল লোকে। দেশে স্বাধীনতাৰ দীৰ্ঘ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো নলা নৰ্দমাৰ পানী খাই জীৱন অতিবাহিত কৰিব লগীয়া হৈছে এলেকাটোৰ শতাধিক লোকে। অতিকৈ পৰিতাপৰ বিষয় এয়া যে জনস্বাস্থ্য কাৰিকৰী বিভাগে যোৱা ২০১৪ চনত ইয়াত পানী যোগান আঁচনিৰ প্ৰকল্প নিৰ্মাণ কৰিছিলে। কিন্তু আজিলৈকে এই আঁচনিখনৰ পৰা এটুপিও বিশুদ্ধ খোৱা পানী পোৱ‍া নাই এলেকাটোৰ বাসিন্দাই ।এই সন্দৰ্ভত স্থানীয় ৰাইজ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভিন্ন বিষয়াৰ পৰা জনপ্ৰতিনিধি লৈকে অভিযোগ জনাইও লাভ কৰা নাই কোনো সমাধান।সমাধানৰ পৰিবৰ্তে ইজনে সিজনৰ গালৈদোষ ঠেলি সমস্যাবোৰৰ পৰা ফালৰি কাটি আছে ।ফলতে বাধ্য হৈ ৰাইজে আদিম যুগৰ দৰে নলা নৰ্দমাৰ অপৰিচ্ছিন্ন পানী খাই দিন যাপন কৰিবলগীয়া হৈছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.