সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মানুহহে আছে বাংলাদেশত,সংখ্যালঘু নাই !

‘প্ৰতিগৰাকী ব্যক্তিয়েই বাংলাদেশৰ ভূমিপুত্ৰ।সংবিধান মতে সকলোৰে সমান অধিকাৰ বাংলাদেশত’-এনেদৰে মন্তব্য কৰে দেশখনৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী হাছান মাহমুদে।২৪ ঘণ্টাৰ কাৰ্যসূচী লৈ ভাৰত ভ্ৰমণলৈ অহা মাহমুদে সাংবাদিকক কয় “ আমি বিশ্বাস কৰোঁ যে আমাৰ দেশৰ ভূমিত কোনোৱেই সংখ্যালঘু নহয়। আমাৰ প্ৰধানমন্ত্ৰীয়ে কয় যে কোনেও যাতে আমাৰ দেশত সংখ্যালঘু বুলি হীনমন্যতাত নোভোগে। আপোনালোক আমাৰ দেশৰ নাগৰিক।দেশৰ সংবিধান অনুসৰি সকলোৰে অধিকাৰ আছে।”
“ হয় এনেকুৱা কিছুমান বিপথগামী আৰু অসৎ অভিপ্ৰায়ৰ লোক আছে যিয়ে ভাৰততেই হওক বা বাংলাদেশতেই হওক সমস্যাৰ সৃষ্টি কৰি আহিছে”-এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে।উল্লেখ্য মাহমুদ হাছান প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ ঘনিষ্ঠ আৰু অতি বিশ্বাসী।মন্ত্ৰীগৰাকীয়ে লগতে এইবুলিও কয় যে শ্বেইখ হাছিনা চৰকাৰে এনে বিপথগামী আৰু অসৎ অভিপ্ৰায়ৰ ব্যক্তিৰ ওপৰত যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যাৰ বাবে শান্তিৰে দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে। “পূজা পেণ্ডেলৰ সংখ্যা এইবাৰ আগতকৈ প্ৰায় ৭০০ বাঢ়িছে।  ইয়াৰ কাৰণ হৈছে বাংলাদেশ চৰকাৰে হিন্দু সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। হিন্দু ধৰ্মাৱলম্বী সকলক আমি কেতিয়াও সংখ্যালঘু বুলি নধৰোঁ”-এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে।উল্লেখ্য যে বিগত ছেপ্তেম্বৰ মাহত ২৬ বছৰৰ পিছত প্ৰথম বাৰৰ বাবে তিস্তা নদীৰ পানী ভাগবটোৱাৰাক লৈ এক দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ হৈছিল।এই ভ্ৰমণৰ সময়চোৱাতে বাংলাদেশৰ তথ্য মন্ত্ৰীগৰাকীয়ে ভাৰত -বাংলাদেশৰ বাণিজ্যিক সম্বন্ধৰ বিষয়টোও দোহাৰে।

Leave A Reply

Your email address will not be published.