১৭৫ বছৰত ভৰি দিলে নগাঁও মিছনে

ভাষাৰ কাণ্ডাৰী তথা আমেৰিকান ব্যাপ্তিষ্ট মিশ্যনেৰী মাইলছ ব্ৰনচনে ১৮৪৬ চনতে নগাঁও চহৰৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰা নগাঁও মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জল ১৭৫ বছৰত ভৰি দিলে। প্ৰথমাৱস্থাত অনাথ শিশুৰ শিক্ষানুষ্ঠান ৰূপে আত্মপ্ৰকাশ কৰা বিদ্যালয়খনে পৰৱৰ্তী সময়ত অসমৰ প্ৰথমখন নাৰী শিক্ষাৰ প্ৰতিষ্ঠান ৰূপে সেৱা আগবঢ়ায়। কালক্ৰমত ঐতিহ্যমণ্ডিত বিদ্যালয়খন সহশিক্ষা প্ৰতিষ্ঠানলৈ উন্নীত হয়৷ বিদ্যালয়খনে ইয়াৰ মহান ঐতিহ্যক আদৰ্শ হিচাপে লৈ অসমৰ শিক্ষা জগতত এক সুকীয়া স্থানেৰে আজিৰ পৰ্যায়ত উপনীত হৈছে।অসমৰ শৈক্ষিক জগতত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা বিদ্যালয়খনে ইয়াৰ প্ৰতিষ্ঠাৰ ১৭৫ বছৰীয়া জয়ন্তী অহা ১৭ আৰু ১৮ নৱেম্বৰত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়ৰ প্ৰাংগনত আয়োজনৰ দিহা কৰিছে ।উদযাপন সমিতিয়ে বুধবাৰে এখনি সংবাদমেল সম্বোধন কৰি এই সমগ্ৰ উদযাপনৰ কাৰ্যসূচী সম্পৰ্কে সদৰী কৰে।কাৰ্যসূচী অনুসৰি ১৭ নৱেম্বৰ পুৱা ১৭৫ খন পতাকা উত্তোলনেৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব।তদুপৰি এখনি প্ৰদৰ্শনীৰ দ্বাৰ মুকলি ,স্মৃতিগ্ৰন্থ আৰু বিদ্যালয়ৰ বাৰ্ষিক আলোচনী “শান্তি” উন্মোচন ,সতীৰ্থ সন্মিলন আৰু প্ৰাক্তন ছাত্ৰ- ছাত্ৰী তথা বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ – ছাত্ৰীৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।১৮ নৱেম্বৰৰ পুৱা নগাঁৱৰ মাজ-মজিয়াৰে এক সাংস্কৃতিক শোভযাত্ৰা উলিওৱা হ’ব বুলি সমিতিয়ে জানিবলৈ দিয়ে। শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিব ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী তথা শিক্ষাবিদ মলয়া গোস্বামীয়ে।সেইদিনা দুপৰীয়া এখনি মুকলি সভাও অনুষ্ঠিত হ’ব য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰা । গতিকে এই দুয়োটা দিনৰ সমূহ কাৰ্যসূচীত প্ৰবাসী অসমীয়া হিচাপে বৰ্হি ৰাজ্য তথা বিদেশত থকা তথা অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰাক্তন শিক্ষাৰ্থীসকল ,প্ৰাক্তন শিক্ষা গুৰুসকল আৰু বিদ্যালয়ৰ শুভাকাংক্ষীসকলৰ উপস্থিত তথা সহায়-সহযোগিত উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296