দেশৰ দুখত ‘সুখী’ হৈ জে’ল পালেগৈ অভিযন্তা

পুলৱামা আক্ৰমণ উদযাপন কৰি ৫ বছৰৰ জেল খাবলগীয়া হ’ল এজন অভিযান্ত্ৰিকৰ ছাত্ৰই ।২০১৯ চনত পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ওপৰত চলোৱা ভয়াবহ আক্ৰমণত মুঠ ৪০ জন সেনাই প্ৰাণ হেৰুওৱাৰ ঘটনাটোত সুখী বুলি সামাজিক মাধ্যমত আপডেট দি ৫ বছৰ জে’ল খাবলগীয়া হ’ব ফইজ ৰছীদ নামৰ ১৯ বছৰীয়া ছাত্ৰজনে।ন্যায়ালয়ে তেওঁক ১৫৩(ক) ধাৰা আৰু ২০১ধাৰাত দোষী সাব্যস্ত কৰিছে।ইতিমধ্যে ফইজ ৰছীদে ৩ বছৰ কাৰাবাস খাটিলে আৰু ১০হাজাৰ টকা জৰিমনা দিছে। তদুপৰি ২০১ ধাৰাৰ গোচৰৰ বাবেও তেওঁ ৫ হাজাৰ টকাৰ জৰিমনা দিবলগীয়া হৈছে।পুনৰ UPA আইনৰ অধীনত তেওঁক ৫ বছৰৰ কাৰাবাস আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহিছে ন্যায়ালয়ে।ৰছীদে ভাৰতীয় সেনাক উপলুঙা কৰি মুঠ ২৩টা মন্তব্য আগবঢ়াইছিল সামাজিক মাধ্যমত।CRPF ৰ ওপৰত চলা আক্ৰমণক সমৰ্থন কৰি তেওঁ দিয়া আপলোড বোৰে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত বিভাজনৰ সৃষ্টি কৰিছিল বুলি ন্যায়ালয়ে দোষী সাব্যস্ত কৰিছে ।আনহাতে,ৰছীদৰ অধিবক্তাই যুক্তি দৰ্শাই কয় যিহেতু তেওঁ অপৰাধটো কৰাৰ সময়ত বয়স ১৯ বছৰ আছিল আৰু তেওঁৰ বয়স ২১বছৰৰ কম আছিল গতিকে তেওঁক প্ৰবেশ্যনত মুকলি কৰি দিয়া উচিত। অৱশ্যে ন্যায়ালয়ে ৰছীদৰ অধিবক্তাৰ এই যুক্তি নাকচ কৰিছে।ন্যায়ালয়ে যুক্তি দৰ্শাই কয় “ অভিযুক্ত জনে এবাৰ বা দুবাৰ এনে মন্তব্য কৰা নাই।তেওঁ সেই নিউজটো কৰা সকলো চেনেলৰ তলতে তেনে মন্তব্য কৰিছিল। তদুপৰি তেওঁ অশিক্ষিত লোক নহয়। তেওঁ অভিযান্ত্ৰিকৰ শিক্ষাৰ্থী আছিল সেই সময়ত ।তেওঁ সম্পূৰ্ণ জ্ঞাতসাৰে সেই কাম কৰিছিল।”ন্যায়ালয়ে লগতে কয় “ তেওঁ যেনেদৰে সুখী বুলি বাৰে বাৰে লিখিছিল,এনেকুৱা ভাৱ হৈছিল যেন তেওঁ এজন ভাৰতীয় নহয়হে। সেয়ে তেওঁৰ দোষটো ৰাষ্ট্ৰৰ বিপক্ষে আৰু ৰাষ্ট্ৰ দোহৰ লগত জড়িত। ”

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296