আগফালে মাৰোঁ ডাং ,পিচফালে ধোবাং বাং ৰূপত লোকায়ুক্তৰ কাৰ্যালয়

ৰাজ্যৰ দুৰ্নীতি প্ৰতিৰোধী কাৰ্যালয়ত নাই কৰ্মচাৰী ।দুজনকৈ মূৰব্বী আয়ুক্তৰ অৱসৰৰ পাছত হোৱা নাই নতুন নিযুক্তি । আজিৰে পৰা আৰম্ভ হৈছে তদাৰকী সজাগতা সপ্তাহ। দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে কেন্দ্ৰীয় ভাৱে কেন্দ্ৰীয় তদাৰকী আয়োগে পালন কৰিছে এই তদাৰকী সজাগতা সভা। কিন্তু এফালে যদি তদাৰকী সজাগতা সভা অনুষ্ঠিত কৰা হৈছে আনফালে আকৌ ৰাজ্যৰ দুৰ্নীতি বিৰোধী কাৰ্যালয়ত ধোবাংবাং অৱস্থা । মাত্ৰ ৪ জন কৰ্মচাৰীয়ে চলাই আছে লোকাযুক্তৰ কাৰ্যালয় ৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যালয় ।মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি মুক্ত অসমৰ কথা কৈ থকা অৱস্থাত ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ লোকাযুক্তৰ কাৰ্যালয়ত নতুনকৈ হোৱা নাই নিযুক্তি যাৰ বাবে পৰি আছে প্ৰায় ২৫ টা গোচৰ । বৰ্তমান নতুন গোচৰ আছে ৭ টা। বৰ্তমান চিএম ভিজিলেন্সেই হওক নতুবা দুৰ্নীতি নিবাৰক শাখাই হওক উৎকোচ লোৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈ গ্ৰেপ্তাৰ কৰিছে ইজনৰ পাছত সিজনকৈ ঘোচখোৰ বিষয়া – কৰ্মচাৰীক । পিছে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতা থকা এই লোকায়ুক্ত কাৰ্যালয়টোৱে ধোবাংবাং অৱস্থাত পেলাই থৈছে চৰকাৰে । যিহেতু চৰকাৰী দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত লোকায়ুক্তৰ ক্ষমতা অপৰিসীম ।দেশৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰে লোকায়ুক্ত নিযুক্তি দিয়ে । উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ নতুবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশক লোকায়ুক্ত ,উপ লোকাযুক্ত হিচাপে নিযুক্তি দিয়া হয় । সেইদৰে অসমৰ লোকাযুক্তৰ কাৰ্যালয় স্থাপন হৈছিল ১৯৮৯ চনত । ১৮৮৯ চনৰ পৰাই অসমত লোকায়ুক্তৰ কাৰ্যালয়তো ভাড়াঘৰতে চলি আছে ।মন্ত্ৰী- বিধায়ক , বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিৰ তদন্ত কৰা হয় লোকায়ুক্তৰ কাৰ্যালয়ত । ১৯৮৯ চনত ন্যায়াধীশ তৰুণ চন্দ্ৰ দাস আছিল অসমৰ প্ৰথমজন লোকায়ুক্ত । তেনেদৰে ২০১৭ চনত ন্যায়াধীশ চি আৰ শৰ্মাক উপ লোকায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল। ২০২১ চনত এই পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু তেতিয়াৰে পৰা অসমত লোকায়ুক্তৰ কাৰ্যালয়ৰ লোকায়ুক্ত, উপ লোকায়ুক্ত পদ এই গুৰুত্বপূৰ্ণ পদ দুটা খালি হৈ আছে যাৰ বাবে প্ৰায় ২৫ টাকৈ গোচৰ বিচাৰ নোহোৱাকৈ পৰি আছে । বৰ্তমান লোকায়ুক্ত কাৰ্যালয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে অসম ন্যায়িক সেৱাৰ বিষয়া দিব্যজ্যোতি ৰাজখোৱাই ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296