Investigative reporting with dedication.
সংখ্যাতহে বাঢ়িছে ৰাজ্যৰ বিশ্ববিদ্যালয়?

নামনি অসমৰ উচ্চ শিক্ষাৰ কেন্দ্ৰস্থল ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয় দুবছৰৰ পূৰ্বে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ল যদিও পর্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত স্থবিৰ হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণ । যাৰ বাবে বাৰে বাৰে ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন দল সংগঠনে ল’ব লগা হৈছে আন্দোলনৰ কাৰ্যসূচী । বিশ্ববিদ্যালয়ৰ নিচিনা অনুষ্ঠান এটাত খোৱা পানীৰ সমস্যা, ডেস্ক বেঞ্চৰ সমস্যা, শিক্ষক শিক্ষয়িত্ৰীৰ নাটনি, বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম নোহোৱাটো দৰাচলতে এক শিক্ষাজগতৰ বাবে ভয়ানক সমস্যা । আনহাতে, বিশ্ববিদ্যালয়ৰ বৰ্ধিত মাছুলেও ছাত্ৰ ছাত্ৰীক শিক্ষা লাভৰ পৰা বঞ্চিত কৰাৰো গুৰুতৰ অভিযোগ আছে ।মঙ্গলবাৰেও বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰী আৰু পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই এই সমস্যাসমূহ সমাধানৰ দাবীৰে ৰূপায়ন কৰিলে অনশন কাৰ্যসূচী । প্ৰতিবাদস্থলীত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলে শীঘ্ৰে বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ মান উন্নত কৰিবলৈ কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে ভৱিষ্যতে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ দিয়ে ।





