নলবাৰীত ব’ব সুৰাৰ বন্যা। চৰকাৰক লাগে ৰাজহ।নলবাৰীৰ আৰু বাৰটা স্থানত হ’ব সোতৰখন সুৰা বিপণী । জিলাখনত ৭৩ খনলৈ বৃদ্ধি হ’ব সুৰা বিপণী।চৰকাৰৰ এই সিন্ধান্তক লৈ জাঙুৰ খাই উঠিছে জিলাখনৰ দল সংগঠন।শিক্ষাৰ নৱদ্বীপ নলবাৰী।এই সুনামত যেন কালিমা সানিবলৈ উঠি পৰি লাগিছে চৰকাৰ তথা জিলা প্ৰশাসন।সুৰাৰ ৰাজহ অবিহনে যেন সোলোক-ঢোলোক অসমৰ অৰ্থনীতি।সুৰাৰ পৰা আদায় হোৱা ৰাজহেহে যেন বচাব ৰাজ্যৰ অৰ্থনীতি।সম্প্ৰতি ৰাজ্যত চৰকাৰে পুনৰ আৰম্ভ কৰিছে সুৰা বিপণীৰ বাবে অনুজ্ঞা পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া।গাঁৱে-ভূঁঞে সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে আৰু এই প্ৰক্ৰিয়াৰ অংশস্বৰূপে যোৱা ৫ আগষ্টত আবকাৰী বিভাগৰ আয়ুক্ত স্বাক্ষৰিত ১৪৭/২০২২-২৩/১ নম্বৰ সম্বলিত এক পত্ৰযোগে জিলাই জিলাই সুৰা বিপণী স্থাপনৰ বাবে ঠাইৰ তালিকা বিচাৰে।এই নিৰ্দেশনাৰ পিছত নলবাৰী জিলা আবকাৰী বিভাগে জিলাখনৰ মুঠ ১২ টা স্থানত ১৭ খন সুৰা বিপণীৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি বিগত ৩ ছেপ্তেম্বৰত সংশ্লিষ্ট বিভাগলৈ ই এক্স(এন)২/২০১৫/২৪৬ নম্বৰ সম্বলিত এক পত্ৰযোগে প্ৰস্তাৱ প্ৰেৰণ কৰে।আবকাৰী বিভাগে জিলাখনৰ পাইকাৰকুছিত দুখন,মুকালমুৱাত দুখন,
চামতাত তিনিখন,কাপলাবৰীত এখন,
নাথকুছিত দুখন,বিজুলীঘাটত এখন,
লোহাৰকাঠাত এখন,ৰামপুৰত এখন,
দৌলাশালত এখন,শনিৰোডত এখন,
মিলন চ’কত এখন আৰু বাঁহজানীত এখন সহ মুঠ ১৭ খন সুৰা বিপণীৰ তালিকা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে।
আৰু এই খবৰ ৰাষ্ট্ৰ হৈ পৰাৰ পিছতে জিলাখনত বৌদ্ধিক মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।আবকাৰী বিভাগৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন।ইফালে জিলাব্যাপী সৃষ্টি হোৱা বিতৰ্কৰ পিছতে মুখ খুলিছে নলবাৰী জিলা আবকাৰী অধীক্ষক মুছাৰফ হুছেইনে।অধীক্ষকগৰাকীয়ে জিলাখনত সোতৰখন সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দিয়া হোৱা নাই বুলি দোহাৰি চৰকাৰৰ নিৰ্দেশনা মৰ্মে সাম্ভাৱ্য স্থানৰ তালিকাহে প্ৰেৰণ কৰা হৈছে বুলি স্পষ্ট কৰে।উল্লেখ্য যে নলবাৰী জিলাত বৰ্তমান ৫৬ খন সুৰা বিপণী আছে। আৰু যদি জিলা আবকাৰী বিভাগে দাখিল কৰা প্ৰস্তাৱ মৰ্মে যদি পুনৰ সোতৰখন সুৰা বিপণী স্থাপন হয় তেতিয়া ৰাজ্যৰ ভিতৰতে সুৰা বিপণীৰ ক্ষেত্ৰত নলবাৰীয়ে অভিলেখ গঢ়িব।আৰু ইয়ে ম্লান পেলাব নলবাৰীৰ গৰিমা।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Next Post