মা, আমি ভয় খাইছো….: ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে পঢ়িলে ৰুছ সেনাৰ চিঠি

‘ মা , আমি এতিয়া ইউক্ৰেইনত ৷ ইয়াৰ পৰিস্থিতি খুবেই বেয়া ৷ ইয়াত সঁচাকৈ যুদ্ধ আৰম্ভ হৈছে ৷ আমি ভয় খাইছো ৷ একেসময়তে সকলো চহৰত বোমা নিক্ষেপ কৰিছো ৷ আনকি সাধাৰণ মানুহকো আক্ৰমণ কৰিছো ৷ আমাৰ খুউব কষ্ট হৈছে মা…৷’
সোমবাৰে ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধক লৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিশেষ বৈঠক ৷ তাতেই ইউক্ৰেইনৰ পৰিস্থিতি বুজাবলৈ এজন ৰুছ সেনাৰ এই শেষ বাৰ্তা পাঠ কৰি শুনালে ৷ তেও এই চিঠিৰেই বুজাবলৈ বিচাৰিলে যে কিদৰে সাধাৰণ নাগৰিকো ৰুছ সেনাৰ আক্ৰমণৰ বলি হৈছে ৷

ক্ৰিমিয়াৰ যুদ্ধত নিহত এক সেনাই তাৰ মাকলৈ লিখিছিল শেষ বাৰ্তা ৷ তাত তেও এইদৰে লিখিছিল ,’আমাক কোৱা হৈছিল , ইউক্ৰেইনৰ মানুহে আমাক স্বাগতম জনাব ৷ কিন্তু ইয়ালৈ আহি দেখিছো তেওলোকে আমাৰ গাড়ীৰ চকাৰ তলত পিষ্ট হ’বলৈ উদগ্ৰীৱ হৈ পৰিছে ৷ আমাক কোনো কাৰণতে ইউক্ৰেইনত সোমাবলৈ দিব খোজা নাই ৷ আমাক ফেচিষ্ট বুলি চিঞৰে ৷ এইটো সহ্য কৰাটো অতি কঠিন হৈ পৰিছে …৷’

ৰুছ সেনাৰ এই পুৰণি চিঠিখন পাঠ কৰি দি ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ক’লে ,’এই বাৰ্তাৰ পৰাই যুদ্ধৰ তীব্ৰতা অনুধাৱন কৰিবলৈ চেষ্টা কৰক ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296