হাস্পতালত অক্সিজেন শেষ হৈ আহিছে : ইউক্ৰেইনত ভয়াৱহ পৰিস্থিতি

Share This Article

আৰু মাত্ৰ ২৪ ঘন্টা ৷ তাৰ পাছতেই ইউক্ৰেইনৰ হা্পতালত বন্ধ হ’ব অক্সিজেনৰ সৰবৰাহ ৷ এই সতৰ্কবাৰ্তা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ৷ হুৰ সতৰ্কবাৰ্তা অনুসৰি অক্সিজেন সৰবৰাহ বন্ধ হ’লে হাস্পতালসমূহত গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু ইয়াৰ ফলত হাজাৰৰো অধিক লোকৰ প্ৰাণহানি হোৱাৰ আশংকা আছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতিত এইদৰে কয় ,’ ইউক্ৰেইনৰ অক্সিজেন সৰবৰাহৰ পৰিস্থিতি খুবেই উদ্বেগজনক ৷ বেছিভাগ হাস্পতালতেই অহা ২৪ ঘন্টাৰ ভিতৰত অক্সিজেনৰ যোগান শেষ হৈ যাব ৷ কিছু হাস্পতালত ইতিমধ্যে অক্সিজেন শেষ হৈ গৈছে ৷ ফলত হাজাৰৰো অধিক লোকৰ প্ৰাণহানিৰ শংকাৰ সৃষ্টি হৈছে ৷ ‘

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.