ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাস মোডীৰ সমৰ্থক, ২০১৪ ৰ নিৰ্বাচনৰ সময়ত মোডীৰ প্ৰচাৰতো সহায় কৰিছিল:ৰিপোৰ্ট

ফেচবুক-বিজেপি সম্পৰ্কৰ বিতৰ্কত প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে। ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাসৰ বিজেপিৰ লগত ঘনিষ্ঠতা সম্পৰ্কে ৱাল ষ্ট্ৰীট জাৰ্নেল(WSJ) ৰ পূৰ্বৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। কিন্ত শেহতিয়াকৈ WSJ ৰ আন এক প্ৰতিবেদনত অংখি দাস বিজেপিৰ লগত কিমান ঘনিষ্ঠ এই তথ্য পোহৰলৈ অহাৰ পিছত ফেচবুকৰ নিৰপেক্ষতা সম্পৰ্কে সততে প্ৰশ্ন উত্থাপন হৈছে।

WSJ ৰ এই শেহতীয়া প্ৰতিবেদনত ফেচবুকৰ এটা বিশেষ গ্রুপত অংখি দাসে কৰা কিছু মন্তব্য পোহৰলৈ আহিছে। উক্ত প্ৰতিবেদন অনুসৰি ২০১৪ চনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে অংখি দাসে সেই বিশেষ ফেচবুকৰ কৰ্মচাৰী সকলৰ গ্রুপত মতামত দি কৈছিল যে ,”আমি তেখেতৰ(নৰেন্দ্ৰ মোডীৰ) ছ’ছিয়েল মিডিয়াৰ প্ৰচাৰ ব্যাপক ভাবে কৰিলো আৰু বাকী খিনি আজি ইতিহাস।

ইয়াৰ উপৰিও ফেচবুক কৰ্মচাৰী সকলৰ সেই গ্রুপত অংখি দাসে নৰেন্দ্ৰ মোডীক ‘শক্তিশালী পুৰুষ'(strongman) বুলিও অভিহিত কৰাৰ লগতে কৈছিল যে “ভাৰতবৰ্ষক সমাজবাদৰ পৰা মুক্ত কৰিবলৈ ৩০ বছৰ তৃণমূল পৰ্যায়ত কাম কৰিব লগা হ’ল।”

WSJ ৰ উক্ত প্ৰতিবেদনত অংখি দাসে কংগ্ৰেছ দলৰ বিৰুদ্ধে মন্তব্য দিয়াৰ লগতে বিজেপিৰ সমৰ্থনত দিয়া কেতবোৰ মেছেজো ফাদিল কৰা হৈছে। উল্লেখযোগ্য যে WSJ ৰ পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰিছিল যে অংখি দাসে ফেচবুকৰ একাংশ কৰ্মচাৰীক বিজেপি নেতা সকলৰ সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা ললে কোম্পানীটোৰ ভাৰতৰ ব্যৱসায়ত প্ৰভাৱ পৰিব বুলি মন্তব্য কৰিছিল।

photo courtesy: Telegraph India

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296