Investigative reporting with dedication.

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান। আৰ্মী হাস্পতালত অতিশয় সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা প্ৰণৱ মুখাৰ্জী আক্ৰান্ত হৈছিল কোৰোণাত। হাস্পতালখনত তেওঁৰ ব্ৰেন চাৰ্জাৰী কৰোৱা হৈছিল। ব্লাড ক্লট আঁতৰোৱাৰ কাৰণে এই অস্ত্ৰোপচাৰ কৰোৱা হৈছিল। ইয়াৰ পূৰ্বে আৰ্মী হাস্পতালৰ পৰা জাৰি কৰা বুলেটিনত কোৱা হৈছিল যে তেওঁৰ অৱস্থা অতিশয় সংকটজনক আৰু ভেণ্টিলেটৰত ৰখা হৈছে।




