প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ শাস্তি হিচাপে ১ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে

Share This Article

প্ৰশান্ত ভূষণৰ আদালত অৱমাননা (Contempt of Court) গোচৰৰ শাস্তি হিচাপে আজি উচ্চতম ন্যায়ালয়ে বিশিষ্ট আইনজীৱী জনক ১ টকাৰ জৰিমনা বিহে।উচ্চতম ন্যায়ালয়ে ভূষণৰ শাস্তি ঘোষণা কৰি কয় যে যদিহে তেখেতে এই জৰিমনা ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত নিদিয়ে তেনেহলে তেখেতৰ ৩ মাহৰ জেল হোৱাৰ লগতে ৩ বছৰৰ বাবে তেওঁ ন্যায়ালয়ত ওকালতি কৰিব নোৱাৰিব।

উল্লেখযোগ্য যে প্ৰশান্ত ভূষণক যোৱা ২০ আগষ্টত ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা টুইট দুটাৰ বাবে ন্যায়ালয়ৰ ওচৰত ক্ষমা খুজিবলৈ পৰামৰ্শ দিছিল যদিও বিশিষ্ট অধিবক্তা জনে পোনছাতেই তেনে নকৰে বুলি জনাইছিল। তেখেতে কৈছিল যে উক্ত টুইট দুটাই তেওঁৰ মনৰ গভীৰ বিশ্বাসক প্ৰতিফলিত কৰে। তেনে অৱস্থাত সেই টুইট দুটাৰ বাবে ক্ষমা খোজাৰ অৰ্থ হ’ব তেওঁৰ নিজৰ বিবেকক অৱমাননা কৰা।

বিশিষ্ট আইনজীৱি জনৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা টুইট দুটাত তেখেতে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ব’ব্দে ক সমালোচনা কৰাৰ লগতে পূৰ্বৰ ৪ জন ন্যায়ধীশৰ বিগত ৬ বছৰৰ কাৰ্যকালৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।

যোৱা ১৪ আগষ্টৰ শুনানিত উচ্চতম ন্যায়ালয়ে তেওঁক উক্ত টুইট দুটাৰ বাবে দোষী সাব্যস্ত কৰে আৰু আজি তেওঁৰ শাস্তিৰ শুনানি আছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.