প্ৰধানমন্ত্ৰীক লৈ খড়গহস্ত RSS !

৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ভিতৰত ইতিমধ্যে ৩ খনত নিৰ্বাচন অন্ত পৰিছে। কংগ্ৰেছ শাসিত ৰাজস্থান আৰু ভাৰত ৰাষ্ট্ৰ সমিতিৰ দ্বাৰা শাসিত তেলেংগানাত এতিয়াও নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।অহা ৪ দিনত ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০ খনকৈ জনসভা আৰু ৬ খন ৰেলীত অংশ ল’ব।ইপিনে ৰাজস্থানত বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক একাষৰীয়া কৰাৰ ফল ভোগ কৰিছে বিজেপিয়ে৷ বিজেপিৰ ঘোষণাপত্ৰ প্ৰকাশৰ দিনাও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মঞ্চতে গুৰুত্বহীন কৰিছিল বিজেপি নেতৃত্বই।বসুন্ধৰা ৰাজেই নিজেও এই কথা উপলব্ধি কৰিছে যে তেওঁক বিজেপি নেতৃত্বই একাষৰীয়া কৰিছে।বিজেপি নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক বিজেপিয়ে একাষৰীয়া কৰাৰ প্ৰধান কাৰণ হ’ল বসুন্ধৰা ৰাজেই বিজেপি নেত্ৰী হ’লেও কিন্তু কোনো দিনে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা নাই।হিন্দু -মুছলমানক বিভাজিত কৰাৰ কোনো ভাষণ কেতিয়াও দিয়া নাই বসুন্ধৰা ৰাজেই৷সেয়ে বিভাজনৰ ৰাজনীতিত সিদ্ধহস্ত বিজেপিয়ে বসুন্ধৰা ৰাজেক মূল ৰাজনীতিৰ যুঁজখনৰ পৰা আঁতৰাই ৰাখিছে।বসুন্ধৰা ৰাজেই উপলব্ধি কৰিছে যে বিজেপিৰ বাবে তেওঁ গুৰুত্বহীন ,সেয়ে তেওঁ যিমান পাৰে বিজেপিৰ নামত নহয়,নিজৰ সমৰ্থনত নিজৰ সমৰ্থিত প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাইছে।তেওঁক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে RSSএ।জয়পুৰ ৰেলীৰ সময়ত মঞ্চত কৰা অপমান এতিয়াও পাহৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই।উল্লেখ্য যে জয়পুৰ ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বসুন্ধৰা ৰাজেৰ নমস্কাৰৰ প্ৰতিনমস্কাৰ নজনাই তেওঁক আওকাণ কৰাৰ লগতে মঞ্চত তেওঁৰ ভাষণত এবাৰো ৰাজেৰ নাম উচ্চাৰণ কৰৰ নাছিল।বসুন্ধৰা ৰাজেই নিজৰ ছ’চিয়েল মেডিয়া পে’জত নিজৰ প্ৰচাৰ অভিযানৰ বহুবোৰ ভিডিঅ আপলোড কৰিছে৷তেওঁ বুজাব বিচাৰিছে যে ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁ অকলেই যথেষ্ট। ইপিনে RSS ৰ পৰা সমৰ্থন লাভ কৰি অধিক উৎফুল্লিত হৈ পৰিছে বসুন্ধৰা ৰাজে।RSS এ ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বসুন্ধৰা ৰাজেৰ প্ৰতি দেখুওৱা আচৰণত অসন্তুষ্টি প্ৰকাশ কৰিছে।বসুন্ধৰা ৰাজেৰ সলনি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যবৰ্ধন সিং ৰাথোড়ক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিচাৰিছে যদিও এতিয়াও কিন্তু দলৰ ফালৰ পৰা ঘোষণা কৰা নাই।বসুন্ধৰা ৰাজেৰ প্ৰতি দেখুওৱা জনতাৰ বিপুল সঁহাৰিয়ে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বকো ভবাই তুলিছে।কিন্তু প্ৰথমৰ পৰাই অৱজ্ঞা কৰি এতিয়া বসুন্ধৰা ৰাজেৰ ক্ষেত্ৰত স্থিতি সলাব খোজা নাই প্ৰধানমন্ত্ৰী মোডীয়ে।কংগ্ৰেছত ইজন নেতাই সিজন নেতাক ৰাণ আউট কৰাৰ চেষ্টা চলোৱা বুলি ৰাজহুৱা সভাত তীৰ্যক মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷কিন্তু একেটা সময়তে বিজেপিতহে এতিয়া কেন্দ্ৰীয় নেতৃত্ব আৰু বসুন্ধৰা ৰাজেৰ লবীৰ মাজত বৃদ্ধি পাইছে সংঘাত।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296