ভাষণৰ ওপৰতেই ভাষণ দিলে প্ৰিয়ংকা গান্ধীয়ে !

ৰাজস্থান আৰু তেলেংগানা বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু বিজেপি সম্পূৰ্ণভাৱে ব্যস্ত। দুয়োটা দলৰ নেতা-নেত্ৰী এতিয়া ব্যস্ত ইজনে সিজনক আক্ৰমণ কৰাক লৈ।কোনে কিমান কাক আক্ৰমণ কৰিব পাৰে তাৰেই যেন চলিছে অবাধ প্ৰতিযোগিতা।ৰাজস্থানত এক নিৰ্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে কৈছিল ৰাজস্থানত কংগ্ৰেছ ব্যস্ত এতিয়া ইজনে সিজনক ৰাণ আউট কৰাক লৈ৷প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল এতিয়া ৰাজস্থান কংগ্ৰেছত কেবল মতবিৰোধ। ক্ষমতাক লৈ ৰাজনীতিত ব্যস্ত কংগ্ৰেছ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ভাষণৰ উত্তৰ দিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।প্ৰিয়ংকা গান্ধীয়ে ৰাজস্থানত আন এখন সভাত অংশ লৈ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি কয় যে নিৰ্বাচনৰ সময়ত বহুত নেতাই ভাষণ দিবলৈ আহিব।বহুতেই ভাষণ দিব । কিন্তু কোনে কিমান গুৰুত্বপূৰ্ণ ভাষণ দিব,কাৰ ভাষণে কিমান গুৰুত্ব পোৱা উচিত সেইটো শ্ৰোতাই উপলব্ধি কৰিব পাৰিব লাগিব।কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ আছে৷প্ৰিয়ংকা গান্ধীয়ে কয় যে কংগ্ৰেছে উন্নয়নৰ ৰাজনীতি কৰিছে।কংগ্ৰেছে ধৰ্মক লৈ ,জাতিক লৈ ৰাজনীতি নকৰে৷যিসকলে ধৰ্মক লৈ ৰাজনীতি কৰে,তেওঁলোকে উন্নয়নৰ কথা ক’ব নোৱাৰে।তেওঁলোকে যিহেতু উন্নয়নৰ কথা ক’বলৈ বিগত দিনবোৰত একো উন্নয়নেই কৰা নাই,তেন্তে কেনেকৈ ক’ব উন্নয়নৰ কথা? প্ৰিয়ংকা গান্ধীয়ে লগতে কয় যে ৰাজস্থানত শচীন পাইলট আৰু মুখ্যমন্ত্ৰী গেহলটে একেলগে হাতে হাত ধৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে৷তেন্তে তাত আকৌ ৰাণ আউটৰ কথা কেনেকৈ আহিল ?কিন্তু বিজেপি দলেহে একাংশ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াক একাষৰীয়া কৰিছে । একে খন সভাতে প্ৰাক্তন উপমুখ্যমন্ত্ৰী শচীন পাইলটে কয় বিজেপিয়ে সদায় ধৰ্ম আৰু জাতিক লৈ ৰাজনীতি কৰে। সেয়ে নিৰ্বাচনী সভাত সদায় ধৰ্ম আৰু জাতিৰ কথা কৈ ভাষণ দিয়ে।প্ৰিয়ংকা গান্ধীয়ে লগতে কয় যে কংগ্ৰেছ চৰকাৰ ৰাজস্থানত শাসনত আছিল । এই সময়চোৱাত ৰাজস্থানৰ প্ৰতিখন গাঁৱত একোখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছে চৰকাৰে।তাৰ বিপৰীতে মধ্য প্ৰদেশ চৰকাৰে ৭ হাজাৰ বিদ্যালয় বন্ধ কৰিছে। ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰে ১৫ হাজাৰ কোটি টকা কৃষকক ঋণ ৰেহাই দিছিল।কিন্তু কৃষি আইনৰ বিৰোধিতাৰে এটা বছৰ ৰ’দে -বৰষুণে প্ৰতিবাদ কৰিও কৃষকে বিজেপি নেতাৰ মন গলাব পৰা নাছিল৷ৰাজস্থান চৰকাৰে বিগত ৫ বছৰত ২ লাখ ৪০ হাজাৰ লোকক কৰ্মসংস্থাপন দিলে কিন্তু তাৰ বিপৰীতে মধ্য প্ৰদেশত বিজেপি চৰকাৰে মাত্ৰ ২১ জন লোকক কৰ্মসংস্থাপন দিছে।ভোটাৰক উদ্দেশ্যি প্ৰিয়ংকা গান্ধীয়ে কয় যে এতিয়া আপোনালোকে সিদ্ধান্ত ল’ব আপোনালোকে কাৰ ভাষণ শুনিব?কাৰ ভাষণে আপোনালোকক ভবিষ্যতে সহায় কৰিব ?

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296