অনুৰাগীৰ ভোট লাগে,ধৰ্ষণকাৰীক পেৰল !

Share This Article

ৰাজস্থান আৰু তেলেংগানাক লৈ এই কেইদিন ৰাজনৈতিক দলবোৰ বিৰাট ব্যস্ত।ৰাজস্থানত অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ থকাৰ বিপৰীতে তেলেংগানাত আছে ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধীনত কেচিআৰৰ চৰকাৰ। তেলেংগানাত কংগ্ৰেছ দলে জোৰদাৰ গতিৰে নিৰ্বাচন চলাইছে যদিও কিন্তু বিজেপি দলৰ প্ৰচাৰ তুলনামূলকভাৱে মন্থৰ।ৰাজস্থানত কংগ্ৰেছ দলৰ বিৰুদ্ধে বিজেপিয়ে তোলা গুৰুতৰ অভিযোগটো হ’ল ৰাজস্থানত মহিলা অসুৰক্ষিত। ৰাজস্থানত মহিলাৰ কোনো ধৰণৰ নিৰাপত্তা নাই।গতিকে মহিলাৰ নিৰাপত্তাৰ বাবেই ৰাজস্থানত বিজেপিৰ চৰকাৰ ভোটাৰে নিৰ্বাচন কৰা উচিত।কিন্তু আশ্চৰ্যকৰ বিষয় এয়ে যে যিটো দলে মহিলাৰ নিৰাপত্তাৰ কথা কয়,যিটো দলে মহিলা অসুৰক্ষিত বুলি ডাবল ইঞ্জিনৰ চৰকাৰক সমৰ্থন দিয়ে,সেই দলেই আকৌ ৰাম ৰহিমৰ নিচিনা নিৰ্যাতনকাৰীক কেৱল নিজৰ দলৰ সহায় হ’বলৈকে পেৰেলত মুক্তি দিয়ে। দুগৰাকী যুৱকীৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ উপযুক্ত প্ৰমাণ লাভ কৰাৰ পিছত ডেৰা চ’চা চ’দাৰ ৰাম ৰহিমক ২০১৭ চনত দোষী সাব্যস্ত হৈছিল। ২০০৭ চনত ৰামচন্দ্ৰ ছত্ৰপতি নামৰ এগৰাকী সাংবাদিকক হত্যা কৰাৰ অভিযোগতো ৰাম ৰহিম দোষী সাব্যস্ত হৈছিল৷কিন্তু সেই ৰাম ৰহিমেই পুনৰ ২১দিনৰ পেৰলত কাৰাগাৰৰ পৰা মুক্ত হৈছে৷ৰাম ৰহিমে এতিয়ালৈকে মুঠ ৮ বাৰ পেৰলত মুক্ত হৈ আহিছে।২০২২চনৰ জুনত ৩০ দিনৰ বাবে,২০২২চনৰ অক্টোবৰত ৪০ দিনৰ বাবে,২০২৩ চনৰ জানুৱাৰীল ৪০ দিনৰ বাবে,জুলাইত ৩০ দিনৰ বাবে আৰু নবেম্বৰত মুঠ ২১দিনৰ বাবে পেৰলত মুক্ত হৈছে ৰাম ৰহিম। বৰ্তমান তেওঁক জেদ কেটেগৰীৰ নিৰপত্তাৰে উত্তৰ প্ৰদেশৰ বাঘপটত ৰখা হ’ব।তাতেই তেওঁ বিজেপিৰ যথেষ্ট সংখ্যক নেতাক সাক্ষাৎ কৰিব।উল্লেখ্য যে ৰাম ৰহিমৰ প্ৰায় ৭০% অনুগামী আছে দলিত আৰু পিছপৰা সম্প্ৰদায়ৰ মাজত।ৰাম ৰহিমে ২০০৭ চনত কংগ্ৰেছ দলক সমৰ্থন কৰিছিল।কিন্তু ২০১৪ চনত হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম ৰহিমক মুকলিকৈ প্ৰশ’সা কৰিছিল৷সেই তেতিয়াৰ পৰাই ৰাম ৰহিমৰ সমৰ্থক সকল বিজেপিৰ প্ৰতি আকৃষ্ট হয়।তেওঁক পেৰলৰ মুক্তিৰ আঁৰত ৰাজনীতি আছে বুলি ধাৰণা কৰিছে ৰাজনীতিক বিশ্লেষক সকলে।ৰাম ৰহিমৰ অনুগামীক আকৰ্ষণ কৰিবলৈকে চলিত বৰ্ষতেই তিনিবাৰ পেৰল লাভ কৰিলে ৰাম ৰহিমে।ঠিক সেইদৰে মহিলাৰ সুৰক্ষাৰ কথা চিন্তা কৰা বুলি দাবী কৰে বিজেপিয়ে। মহিলা মল্ল যুঁজাৰুৰ ওপৰত নিৰ্যাতন চলোৱা সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে কোনো শাস্তি ঘোষণা নকৰিলে চৰকাৰে।চাৰ্জশ্বীটত ৬ মহিলা মল্লযোদ্ধাই প্ৰমাণসহ অভিযোগ দিয়াৰ পিচতো কিন্তু তেওঁৰ বিৰুদ্ধে কোনো পদক্ষেপেই নল’লে বিজেপি দল অথবা চৰকাৰে।সেই চৰকাৰেই আকৌ ৰাজস্থানত মহিলাৰ নিৰাপত্তা প্ৰদান কৰাৰ বাবে ডাবল ইঞ্জিনৰ চৰকাৰ গঠন কৰাৰ কথা কয়।সেই একেই ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো আকৌ মণিপুৰত দুগৰাকী মহিলাক লৈ উলংগ সমদল কৰোৱা হৈছিল।বিজেপিৰ নিজৰে নেতা-মন্ত্ৰীৰ ঘৰ দুৰ্বৃত্তই জ্বলাই দিছিল মণিপুৰত।মণিপুৰৰ ডাবল ইঞ্জিনৰ চৰকাৰে এই পৰিৱেশ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছিল।ইয়াৰ পিছতো ৰাজস্থানত মহিলাৰ নিৰাপত্তা প্ৰদানৰ কথা কোৱাটো বিজেপিৰ বাবে সমীচিন হৈছেনে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.