আকৌ হাত দাঙিলে লাট মণ্ডলে

বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।অভিযানত লগন বাচোৱাৰ নামৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ।লগন বাচোৱাৰ বিশ্বনাথৰ বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ দায়িত্বত আছিল।বাঘমৰা মণ্ডলৰ অন্তৰ্গত লাওদলনীৰ ফুল মহম্মদ নামৰ এজন লোকৰ মাটি নামজাৰি কৰি দিয়াৰ বাবদ লাট মণ্ডল লগন বাচোৱাৰে প্ৰথমে সাত হাজাৰ টকা বিচাৰিছিল।প্ৰথমে সেই মাটিৰ নামজাৰিৰ কাম অনলাইন যোগে আবেদন কৰিবলৈ নগদ পাঁচশ টকা লৈছিল লাট মণ্ডল লগন বচোৱাৰে।আজিও সেই মাটিৰ কামৰ বাবে নগদ তিনি হাজাৰ টকা লাট মণ্ডল লগন বচোৱাৰে ফুল মহম্মদৰ পৰা লৈ থকা সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে।বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই লগন বাচোৱাৰৰ নথি পত্ৰ পৰীক্ষা নিৰীক্ষা চলাই আছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296