Investigative reporting with dedication.
চাকৰি এৰিছে হাজাৰ হাজাৰ সৈনিকে

৫ বছৰত ৫০ হাজাৰতকৈ অধিক লোকে সৈনিকৰ চাকৰি ত্যাগ কৰিছে দেশত।দেশৰ অৰ্ধসামৰিক বাহিনীৰ ৫০ হাজাৰতকৈ অধিক সৈনিকৰ চাকৰি ত্যাগ।বিগত ৫ বছৰত ৫০,১৫৫ গৰাকী সৈনিকে এৰিলে চাকৰি ।ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দাখিল কৰিলে তথ্য।ৰাজ্যসভাত উত্থাপিত হোৱা প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।দেশৰ সুৰক্ষাত নিয়োজিত অৰ্ধ সামৰিক বাহিনীৰ সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা ল’বৰ বাবে আহ্বান।সুৰক্ষা কৰ্মীৰ কামৰ স্থিতিৰ সন্দৰ্ভত চৰকাৰক দৃষ্টি ৰাখিবৰ বাবে আহ্বান।যদিহে এনেদৰে দেশৰ সুৰক্ষাত নিয়োজিত সৈনিকসকলৰ চাকৰি ত্যাগ গতানুগতিক পৰ্যায়ত থাকে তেন্তে দেশৰ সুৰক্ষা দুৰ্বল হ’ব পাৰে। কিন্তু কিয় এনেদৰে গতানুগতিক ভাৱে দেশৰ সুৰক্ষাত নিয়োজিত সৈনিক সকলে চাকৰি এৰা কথাটোৱে চিন্তিত কৰিছে দেশবাসীক।





