Investigative reporting with dedication.
ডিফুবাসীয়ে ঘেৰাও কৰিলে ৰে’লৰ মাণ্ডলিক কাৰ্যালয়

লামডিং ৰেলৱে মাণ্ডলিক কাৰ্যালয় শুকুৰবাৰে ঘেৰাও কৰে ডিফুৰ প্ৰায় পাঁচ শতাধিক ৰাইজে।লামডিং ৰেল বিভাগে ডিফুত উচ্ছেদ অভিযান চলোৱাৰ বাবে জাননী প্ৰেৰণ কৰাক লৈ আজিৰ এই ঘেৰাও কাৰ্য্যসূচী।জানিব পৰা মতে ডিফুৰ ৰেলৱে এলেকাত প্ৰায় ৪০ ৫০বছৰ ধৰি বসবাস কৰা প্ৰায় হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ উচ্ছেদ কৰাৰ জাননী প্ৰেৰণ কৰিছিল লামডিং ৰেল বিভাগে।লামডিং ৰে’ল বিভাগে যদি ডিফুত উচ্ছেদ কৰে তেন্তে এই উচ্ছেদত বহু বিদ্যালয় , ধৰ্মীয় অনুষ্ঠানকে ধৰি ২৫ হাজাৰ লোকৰ ক্ষতিগ্ৰস্ত হ’ব বুলি জনাই উপস্থিত থকা লোক সকলে।আজি লামডিঙৰ মাণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে এই সন্দৰ্ভত ডিফুৰ ৰাইজক নথি পত্ৰ লৈ কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু পৰৱৰ্তী সময়ত প্ৰৱন্ধক গৰাকীয়ে সাক্ষাৎ নকৰাত ক্ষোভিত হৈ পৰিছে লোকসকল।আনফালে ২৫ হাজাৰ লোকক পুনৰ সংস্থাপন নকৰাকৈ যদি ৰেল বিভাগে উচ্চেদ অভিযান চলাই তেনেহলে পৰৱৰ্তী সময়ত আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে ডিফুৰ বহু ভুক্তভোগী ৰাইজে।





