হাজো-নলবাৰী পথ অৱৰোধ

হাজো-নলবাৰী পথ বহল কৰাৰ দাবীৰে পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজে ।হাজো – নলবাৰী পথৰ বৰকুৰিহাত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাৰ স্থানত পথ অৱৰোধ কৰি স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ।উল্লেখ্য যে নলবাৰীৰ বৰকুৰিহাৰ মাজেৰে যোৱা হাজো নলবাৰী পথত আছে এটি বৃহৎ ইউ টাৰ্ণ সদৃশ কেকুঁ‌ৰি ।লোকনিৰ্মান বিভাগৰ গাফিলতিতে উন্মুক্ত হৈ থকা কেকুঁ‌ৰিটোত সঘনাই সংঘটিত হৈ অহা সৰু-বৰ দুৰ্ঘটনাত বহুতো লোকৰ প্ৰাণ হানি হোৱাৰ লগতে বহুত লোক চিৰদিনৰ বাবে হ’বলগীয়া হৈছে পংগু ।স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আৱেদন নিবেদন জনাই অহাৰ পিছতো প্ৰশাসন কিম্বা বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে নকৰিলে ইয়াৰ কোনো ফলপ্ৰসূ সমাধান আৰু আজি জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বিৰুদ্ধে হাজো – নলবাৰী পথৰ বৰকুৰিহাৰ কেকুঁ‌ৰিটোৰ ওচৰত পথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।পথটোৰ ওপৰত থকা কেকুঁ‌ৰিটোৰ নিচেই ওচৰতেই বিদ্যূৎ বিভাগে স্থাপন কৰিছে দুটাকৈ বিদ্যুৎ পৰিবাহী খুঁটা।যিটো ৰাইজৰ বাবে হৈ পৰিছে মৰণফান্দ সদৃশ। আনহাতে, ৰাইজৰ এই প্ৰতিবাদৰ ফলত বহু সময় ধৰি তীব্ৰ যানযঁটৰ সৃষ্টি হয় পথটোত । গুৱাহাটীৰ পৰা নলবাৰীলৈ নামনি অসমৰ অতি ব্যস্ততাপূৰ্ণ পথটো অৱৰোধৰ ফলত বহু দূৰণিবটীয়া ৰাইজৰ মাজত সৃষ্টি হয় এক অনাহুত পৰিৱেশৰ । অৱশ্যে প্ৰতিবাদস্থলীত বৰভাগ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হোৱাত শান্ত হয় প্ৰতিবাদকাৰী সকল ।ইফালে প্ৰতিবাদকাৰী সকলে চক্ৰ বিষয়াক ৰাইজৰ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296