বিজেপিৰ নয়নৰ মণি শুকুৰৰ কুকীৰ্তি !

এইবাৰ অসম আৰক্ষীৰ আলহী হ’ল সামাজিক মাধ্যমৰ ভাইৰেল শুকুৰ আলী। এইবাৰ শুকুৰ আলীৰ নামত দুৰ্নীতিৰ অভিযোগ । শুকুৰ আলী নামিছে এইবাৰ দৰিদ্ৰ লোকৰ গৃহ ধন আত্মসাৎ কৰাত ।ধন আত্মসাৎ কৰাত ব্যস্ত হৈ পৰিছে দা শুকুৰ আলী।এইগৰাকী শুকুৰ আলীক উজনি অসমৰ শদিয়াৰ পৰা নামনি অসমৰ ধুবুৰীলৈকে সকলোৱে চিনি পায় ।শুকুৰ আলীয়ে প্ৰথমে ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ পদৰ প্ৰাৰ্থী হৈছিল আৰু তাৰ পিছত গৌৰীপুৰ আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল।কিন্তু দুয়োটা নিৰ্বাচনত মুখথেকেঁচা খাইছিল ।শুকুৰ আলীয়ে কেতিয়াবা অভিনয় কৰি কেতিয়াবা ইংৰাজী ভুলে শুদ্ধই কৈ, কেতিয়াবা আকৌ ভাষণ দি সামাজিক মাধ্যমত চৰ্চিত হৈ থাকিব বিচাৰে ।কিন্তু নিজকে জনপ্ৰিয় কৰি ৰাখিব বিচৰা শুকুৰ এইবাৰ জনপ্ৰিয় হৈছে দৰিদ্ৰ মানুহৰ ধন আত্মসাৎ কৰি। শুকুৰ আলীয়ে শাসকীয় চৰকাৰৰ লগত সুসম্পৰ্কৰ সুবাদত দেৱীতোলা উন্নায়ন খণ্ডৰ মদাতী V C D Cৰ চেয়াৰমেন হিচাপে নিযুক্তি পাইছিল ।মদাতী V C D Cৰ চেয়াৰমেন পদ লাভ কৰি শুকুৰে পাহৰি গ’ল মদাতীৰ ৰাইজৰ কথা ।শুকুৰ আলী প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ টকা,পি এম কিষাণৰ টকা, জৱ কাৰ্ডৰ টকা , গ্ৰাম্য সখি চাকৰিৰ নামত শুকুৰ আলীয়ে হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ হিতাধিকাৰীৰ।এইবাৰ শুকুৰৰ নামত অভিযোগ তুলিছে স্বয়ং মদাতী V C D Cৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা পুৰুষ আৰু মহিলাই ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296