সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰথম জন মুখ্য কাৰ্যবাহীক স্মৰণ

সংযুক্ত মিকিৰ হিলছ জিলা পৰিষদ বৰ্তমান কাৰ্বি আংলং জিলা পৰিষদৰ প্ৰথমজন মুখ্য কাৰ্য্যবাহী সদস্য জননায়ক খৰছিং তেৰাঙৰ ৬৮ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ।ডিফুৰ কাছা ষ্টেডিয়াম আৰু ডিফু চিলড্ৰেন পাৰ্কৰ ওচৰত থকা প্ৰয়াত খৰছিং তেৰাঙৰ প্ৰতিমূৰ্ত্তিত জিলাবাসীয়ে পুষ্পাঞ্জলি আৰু ধূপ ধূনাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।পদ্মশ্ৰী ৰংবং তেৰাঙৰ লগতে পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং,সাংসদ হৰেনছিং বে’ বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং,কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছ’কে প্ৰমুখ্যে কৰি পৰিষদৰ ই এম, এমএচি সকলে অংশ গ্ৰহণ কৰে।উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় সৰ্বধৰ্ম প্ৰাৰ্থনাৰ ।উপস্থিত অতিথি সকলে জন নায়ক গৰাকীৰ জীৱন আৰু আদৰ্শৰ ওপৰত বিস্তৃত ভাবে ব্যাখ্যা আগবঢ়ায় ।

Leave A Reply

Your email address will not be published.