অভিনৱ পন্থা কামপুৰৰ ‘আচপাচ’ৰ

সন্ধিয়া ৪-৩৭ হ’লেই বাজি উঠে ‘মানুহে মানুহৰ বাবে’, ‘কপিলী- কপিলী ৰাংঢালী ছোৱালী’,’জিন্দাবাদ মেণ্ডেলা’।৫-৩৭ বজালৈকে সেই ঠাইলৈ গ’লে আপোনালোকে মাইকত শুনিবলৈ পাব ভূপেনদাৰ সেই কালজয়ী গীত সমূহ।বিগত এঘাৰ বছৰে এনেকৈয়ে সেই বিশেষ ঠাইত নিৰ্দিষ্ট সময়ত মাইকত বাজি উঠে সুধাকণ্ঠৰ গীত। কিন্তু আপুনি জানেনে এই বিশেষ ঠাইডোখৰ ক’ত আছে ? এই ঠাইডোখৰ হ’ল কামপুৰ। নগাঁৱৰ কামপুৰত এনেকৈয়ে সন্ধিয়া হ’লেই নিৰ্দিষ্ট সময়ত বাজি উঠে ভূপেনদাৰ গীত। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক জীয়াই কৰাৰ প্ৰয়াস কৰি ‘আচপাচ’ নামৰ এটা অনুষ্ঠানে এই ব্যতিক্ৰমী কাম কৰি আহিছে।সুধাকণ্ঠৰ সৃষ্টিৰাজিক ব্যাপক চৰ্চাৰ জৰিয়তে অসমৰ নৱপ্ৰজন্মক সমাজৰ প্ৰতি, অসমীয়াৰ প্ৰতি দায়বদ্ধ হ’বলৈ প্ৰেৰণা যোগোৱাই এই কামৰ উদ্দেশ্য।এনে এক লক্ষ্য আগত ৰাখিয়েই নগাঁও জিলাৰ কামপুৰৰ সামাজিক অনুষ্ঠান ‘আচপাচ’ৰ প্ৰচেষ্টাত প্ৰতিদিনে সন্ধিয়া হৈ আহিলেই সমগ্ৰ কামপুৰ নগৰত প্ৰতিটো এলেকাত বাজি উঠে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ।সুধাকণ্ঠৰ মহাপ্ৰয়াণৰ সময় বিয়লি ৪:৩৭ বজাত কামপুৰবাসীৰ কাণত প্ৰতিধ্বনিত হয় ‘কপিলী কপিলী ৰাংঢালী ছোৱালী’, ‘জিন্দাবাদ মেণ্ডেলা’, ‘মই এটি যাযাবৰ’, ‘মানুহে মানুহৰ বাবে’ৰ দৰে কালজয়ী গীতসমূহ ।এই কালজয়ী গীতসমূহে প্ৰতিদিনে সন্ধিয়া জীপাল কৰি তোলে কামপুৰবাসীক।’আচপাচ’ৰ এই প্ৰচেষ্টাত ভূপেনদাৰ প্ৰতি নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকল হৈছে আকৰ্ষিত।’আচপাচ’ৰ নেতৃত্বত থকা সাংবাদিক সমৰেন্দ্ৰ নাৰায়ণ বৰাই ভূপেনদাৰ লগতে তেওঁৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবৰ বাবে আৰু সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত প্ৰচাৰৰ বাবে শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ দিন ২০১১ চনৰ ৫ নৱেম্বৰতে সংকল্প লৈছিল।এই সংকল্পৰে ফল হ’ল প্ৰতি সন্ধিয়া কামপুৰত বাজি উঠা ভূপেনদাৰ গীত। সমৰেন্দ্ৰ নাৰায়ণ বৰাৰ ঐকান্তিক প্ৰচেষ্টা আৰু কামপুৰৰ শিল্পীপ্ৰাণ ৰাইজৰ সহযোগিতাৰ বাবে হৈ উঠিল এক প্ৰশংসনীয় কাম। এই প্ৰচেষ্টাত অৰিহণা যোগালে অঞ্চলটোৰ কেইগৰাকীমান উদীয়মান যুৱক,সংবাদকৰ্মীকে ধৰি বিভিন্নজনে ৷

উল্লেখ্য যে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি গীত সমূহ তেওঁৰ মহাপ্ৰয়াণৰ সময় ৪:৩৭ বজাৰ পৰা ৫:৩৭ বজালৈ প্ৰতি সন্ধিয়া কামপুৰৰ নগৰৰ ৰাজহুৱা স্থানত তেওঁৰ মৃত্যুৰ দিনৰ পৰাই মাইক যোগে বজাই থকা হৈছে । এই কামে বৰ্তমান একাদশ বৰ্ষত ভৰি দিছে।ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহৰ ব্যাপক চৰ্চাৰ লক্ষ্যৰে ‘আচপাচে’ অব্যাহত ৰখা এই প্ৰশংসনীয় কাভ অনাগত দিনতো চলি থাকিব বুলি সকলোৱে আশা কৰিছে। এনেকৈয়ে সকলোৰে মাজত জীয়াই থাকক ভূপেন দা আৰু তেওঁৰ সৃষ্টিৰাজি।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296