বিজেপিৰ ‘সুদিন’ত চিকিৎসা নাপায় মৃত্যু শ্ৰমিকৰ

ডিব্ৰুগড়ৰ মাইজান চাহবাগিছাত চিকিৎসাৰ অভাৱত শ্ৰমিকৰ মৃত্যু ।যোৱা ২৩ অক্টোবৰত চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল সন্তোষ বেদিয়া নামৰ এগৰাকী শ্ৰমিকৰ ।চিকিৎসাৰ অভাৱত শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। মৃত শ্ৰমিকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়া তথা শ্ৰমিকৰ চিকিৎসা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। ডিব্ৰুগড়ৰ মাইজানত চিকিৎসাৰ অভাৱত শ্ৰমিকৰ অকাল মৃত্যুৰ তীব্ৰ প্ৰতিবাদ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ । যোৱা ২৩ অক্টোবৰত চিকিৎসাৰ অভাৱত সন্তোষ বেদিয়া নামৰ এজন শ্ৰমিকে অকাল মৃত্যু সাৱতিবলগীয়া হয় । মাইজান বাগিচাৰ চিকিৎসালয়ৰ চিকিৎসকৰ গাফিলতিত চাহ শ্ৰমিকজনৰ অকাল মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আটছাই ।আজি এই ঘটনাৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাইজান শাখাৰ উদ্যোগত বাগিচাৰ কেইবা শতাধিক শ্ৰমিকে মাইজান চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কাৰ্যসূচীৰ জৰিয়তে মৃত্যু হোৱা শ্ৰমিকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়া, শ্ৰমিকৰ চিকিৎসা সুনিশ্চিত কৰা আদি দাবী উত্থাপন কৰে সংগঠনটোৱে। কাৰ্যসূচীৰ জৰিয়তে আটছাই বাগিচা কৰ্তৃপক্ষলৈ এখনি স্মাৰকপত্ৰও প্ৰদান কৰে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296