কৰ বৃদ্ধি প্ৰত্যাহাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ

মূল্যবৃদ্ধি ৰোধ কৰা,পৌৰ নিগমৰ কৰ বৃদ্ধি প্ৰত্যাহাৰ কৰাৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ত তৃণমূল কংগ্ৰেছৰ স্মাৰকপত্র প্ৰদান।ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ জিলাতো তৃণমূল কংগ্ৰেছে আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা,পৌৰ নিগম এলেকাত বৃদ্ধি কৰা কৰ-কাটল প্ৰত্যাহাৰ কৰা ইত্যাদিৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।দলটোৱে স্মাৰক পত্ৰত উল্লেখ কৰে যে অসম তৃণমূল কংগ্ৰেছে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে ৰাজ্যখনত অবিৰতভাবে হৈ থকা সকলো সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জনজীৱন প্ৰায় স্তব্ধ কৰি তুলিছে।প্রত্যেক দিনে খাদ্য-সামগ্রী, শাক-পাচলি, ঔষধ, ঘৰ নিৰ্মাণৰ সামগ্ৰীকে ধৰি সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিত জনসাধাৰণ জুৰুলা হৈ পৰিছে। মানুহে ক্রয় ক্ষমতা ক্রমান্বয়ে হেৰুৱাই পেলাইছে। স্বচ্ছলভাৱে পৰিয়াল চলোৱাত সকলো লোকেই অসুবিধাৰ সম্মুখীন হৈছে। এনে পৰিস্থিতিত অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন শুই থকা পৰিলক্ষিত হৈছে। ৰাইজক মূল্যবৃদ্ধিৰ পৰা সকাহ দিবলৈ কোনো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। চৰকাৰখনে জনসাধাৰণৰ হিতৰ পৰিবৰ্তে মাত্র নিজৰ দলটোৰ হিতৰ কাৰণেহে কাম কৰা পৰিলক্ষিত হৈছে। এনেকুৱা অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে আকৌ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিভিন্ন কৰ-কাটল বৃদ্ধি কৰি সাধাৰণ ৰাইজক মাধমাৰ দিয়াহে দেখা গৈছে।সেয়েহে মূল্যবৃদ্ধি ৰোধৰ বাবে বাস্ত‍ৱ কার্যব্যৱস্থা গ্রহণকে ধৰি ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰ সভা এলেকাত জনসাধাৰণৰ ওপৰত জাপি দিয়া কৰ-কাটল শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই অসম তৃণমূল কংগ্ৰেছ দলে ।জিলা উপায়ুক্ত গৰাকীক উক্ত স্মাৰক প্ৰদান কৰাৰ সময়ত উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি জিতেন বাঢ়ৈৰ লগতে তৃণমূল কংগ্ৰেছৰ বিশ্বনাথ জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া সকল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296