Investigative reporting with dedication.
চকুলোৰে বাট নেদেখা অৱস্থা বৰপানীত

বছৰৰ তৃতীয়টো বানত ডুবিছে নগাঁৱৰ ৰহাৰ বিস্তীৰ্ণ অঞ্চল। ফলত পুনৰ নিঃশেষ হ’ল কৃষকৰ সপোন। কাতি মাহৰ পকা ধানৰ লগতে গেৰ ধৰা ধানত বৰপানীৰ বাঢ়নি পানী সোমাই বিস্তীৰ্ণ কৃষি ভূমি নষ্ট ।ভূমি তলযোৱাত মূৰে-কপালে হাত দিছে কৃষকে। যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন শ্লুইছ গেট খুলি দিয়াত বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বৰপানী নদীৰ ভগ্ন মথাউৰিয়েদি পানী সোমাই বহু অঞ্চল জলমগ্ন কৰাৰ লগতে মূৰৰ ঘাম মাটিত পেলাই কৰা কৃষকৰ শ শ বিঘা কৃষিভূমি বিনষ্ট কৰাত মূৰে-কপালে হাত দিছে। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ লংজাপ, পদুমণি, জুৰিৰপাৰকে আদি কৰি প্ৰায় কেইটা অঞ্চলৰ কৃষকৰ ধান খেতি বিনষ্ট হৈছে । এতিয়া কৃষকৰ প্ৰশ্ন কেতিয়া মেৰামতি হ’ব ভগ্ন মথাউৰিবোৰ?





