গুৱাহাটীত ক্ৰীড়া সংগ্ৰহালয় উদ্বোধন

এক দীৰ্ঘদিনীয়া নিৰলস প্ৰচেষ্টাৰ অন্তত গুৱাহাটীৰ মাজমজিয়াত গঢ়ি তোলা ক্ৰীড়া সংগ্ৰহালয়টো ২৭ অক্টোবৰ, বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে । গুৱাহাটী ৰাজগড় ৰোডৰ, ৬ নম্বৰ বাইলেনৰ, ১ নং ঘৰত আটকধুনীয়াকৈ এই ক্ৰীড়া সংগ্ৰহালয়টো গঢ়ি তোলা হৈছে ৷ দুপৰীয়া আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত অসমৰ ক্ৰীড়া আৰু সমাজ জীৱনৰ সৈতে জড়িত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আৰম্ভণিতে বিশিষ্ট অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । ভাষণ প্ৰসংগত গোস্বামীয়ে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাই এনে এটা আকৰ্ষণীয় ক্ৰীড়া সংগ্ৰহালয় গঢ়ি তোলাৰ বাবে তেওঁক ভূয়সী প্ৰশংসা কৰে আৰু এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন প্ৰশাসনীয় বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা, ক্ৰীড়া ভাৰতীৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ক মনোজ মহান্তি, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈ পৰাগধৰ কোঁৱৰ, অসম কাবাদী সন্থাৰ সম্পাদক আলোক ত্ৰিপাঠি, অসম টাং চু ডো সন্থাৰ সম্পাদক দেৱজিৎ গগৈ, আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, সৰ্বভাৰতীয় সাংবাদিক ফেডাৰেচনৰ সভাপতি সুবোধমল্ল বৰুৱা, অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মন, অসম ৰোলাৰ স্কেটিং সন্থাৰ সম্পাদক অনুপম শৰ্মা, ক্ৰীড়া ভাৰতী মহানগৰ শাখাৰ সভাপতি অমল ডেকা, সাংস্কৃতিক কৰ্মী চন্দন গৌতমকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷ নমিতা গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোঁহায়ে ৷ ভাষণ প্ৰসংগত চিৰঞ্জীৱ শৰ্মাই কয় যে প্ৰাথমিক পৰ্যায়ত পৰম্পৰাগত খেল-ধেমালিৰ সাৰঞ্জামেৰে এই সংগ্ৰহালয়টো গঢ়ি তোলা হৈছে যদিও পৰ্যায়ক্ৰমে ইয়াক পূৰ্ণাংগ ৰূপ দিয়া হ’ব৷ প্ৰকৃততে এই ক্ৰীড়া সংগ্ৰহালয়টো গঢ়াৰ কাম ২০১৪ চনৰ পৰাই আৰম্ভ হৈছে ৷ ক্ৰীড়াৰ সৈতে জড়িত কোনো বিষয় যাতে বাদ পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ কেতবোৰ গুৰুত্বপূৰ্ণ কাম কৰি অহা হৈছে ৷ ইয়াৰ ভিতৰত আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰত ৬ টা দশকৰ অসমীয়া, ৰঞ্জি ক্ৰিকেটত অসম সন্তান, অসমৰ ক্ৰীড়া ইতিহাস ঃ থলুৱা আৰু পৰম্পৰাগত খেল-ধেমালিৰ প্ৰথম আৰু দ্বিতীয় খণ্ড, Sports History of Assam : Traditional Sports and Games (Vol. I), আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ টছেন বৰাৰ ‘মই যেতিয়া ফুটবল…..’, সিদ্ধাৰ্থ শংকৰ ডেকাৰ ‘আই এছ এল ঃ আশা আৰু আশংকা’, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈৰ ‘অনবদ্য গিলবাৰ্ট, সুবোধমল্ল বৰুৱাৰ ৰচনা সমগ্ৰ, ‘অসম ফুটবলৰ বৰ্ণিল যাত্ৰা, ‘যাত্ৰাৰ আঁৰৰ যাত্ৰা’, ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতাৰ ‘ঈশ্বৰ আমাক ফুটবল দিয়া’ আদি বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে ৷ সমাজৰ সকলো অংশৰ লোককে এই ক্ৰীড়া সংগ্ৰহালয়টো পৰিদৰ্শন কৰিবলৈ শৰ্মাই আহ্বান জনায় ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296