নৰেন্দ্ৰ মোডীৰ প্ৰতি ‘মুলায়েম’ আছিল যাদৱ

নৰেন্দ্ৰ মোডীৰ প্ৰতি ‘মুলায়েম’ আছিল যাদৱ
প্ৰধানমন্ত্ৰী মোডীৰ অনুগত আছিল মুলায়েম সিং
‘সবকা চাথ সবকা বিকাশ’ নীতিৰ সমৰ্থক মুলায়েম সিং
বিজেপি বিৰোধী পুত্ৰক সমৰ্থন কৰিছিল নে পিতৃয়ে?

প্ৰধানমন্ত্ৰী হিচাপে মোডীক দ্বিতীয় বাৰৰ বাবে বিচাৰিছিল মুলায়েম সিং যাদৱে

উত্তৰ প্ৰদেশত অখিলেশ যাদৱে বিজেপিক তীব্ৰ বিৰোধিতা কৰিলেও কিন্তু মুলায়েম সিং যাদৱৰ দৰদ আছিল প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি৷
প্ৰধানমন্ত্ৰী মোডীৰ উচ্চ প্ৰশংসক আছিল মুলায়েম সিং যাদৱ৷

মোডীৰ ‘ সবকা চাথ সবকা বিকাশ’ নীতিৰ প্ৰশংসাত পঞ্চমুখ
আছিল উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়েম সিং যাদৱ৷

“ মই প্ৰধানমন্ত্ৰী মোডীক সদনখন ধুনীয়াকৈ পৰিচালনা কৰাৰ বাবে অভিনন্দন জনাইছোঁ৷তেওঁ সকলোকে একেলগে লৈ আগবাঢ়ি যোৱাত সফল হৈছে৷তেওঁ এনেকৈ কামবোৰ কৰিছে যে কোনেও তেওঁৰ বিৰুদ্ধে আঙুলি টোঁৱাব নোৱাৰে৷মই যেতিয়াই তেওঁৰ ওচৰত কিবা কাম কৰাবলৈ যাওঁ,তেওঁ লগে লগেই মোৰ কামবোৰ কৰি দিয়ে”- এনেদৰে কৈছিল মুলায়েম সিং যাদৱে৷

তেওঁ পুনৰ কৈছিল“ মই আপোনাৰ কামবোৰ সন্মান কৰোঁ আৰু প্ৰশংসা কৰোঁ৷ মই আশা কৰিছোঁ আপুনি আৰু আপোলাৰ সাংসদসকল পুনৰবাৰ জয়ী হৈ আহক ৷এয়াই মোৰ আশা৷আমি সংখ্যাগৰিষ্ঠতা লাভ নকৰিলোঁ৷আমি আপোনাক পুনৰবাৰ প্ৰধানমন্ত্ৰী হোৱাটো কামনা কৰিছোঁ৷”

সদনত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ এনেদৰে মুলায়েম সিং যাদৱে বক্তব্য ৰখাৰ পিছত প্ৰধানমন্ত্ৰীয়ে হাত যোৰ কৰি তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিল৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296