ৰহস্যৰ আবৰ্তত ‘লেপটপ স্কীম’!

ৰহস্যৰ আবৰ্তত ‘লেপটপ স্কীম’!
লেপটপ বিচাৰি হাঁহাকাৰ ছাত্ৰছাত্ৰীৰ
‘প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেপটপ স্কীম’
প্ৰকৃততে কি?
সঁচাকৈয়ে পাব নে লেপটপ ?  প্ৰধানমন্ত্ৰীৰ ভুৱা ৱেবছাইট?

‘প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেপটপ স্কীম ২০২২ ‘ অধীনত ২০২২-২৩ বৰ্ষত সকলো ছাত্ৰছাত্ৰীক লেপটপ আগবঢ়োৱা হ’ব বুলি প্ৰচাৰ চলাইছে এটা ৱেবছাইটে ৷

ৱেবছাইটটোত লিখা আছে এনেদৰে “ ভাৰত চৰকাৰে সকলো ৰাজ্যৰ ছাত্ৰছাত্ৰীৰ বাবে প্ৰধানমন্ত্ৰী নেশ্যনেল লেপটপ স্কীমৰ অধীনত লেপটপ আগবঢ়াব আৰু ইচ্ছুক সকলে Www.pmssgovt.online ৰ জৰিয়তে ইয়াৰ বাবে আৱেদন কৰিব পাৰিব৷”
ইয়াৰ লগতে তাত লিখিছে“ভাৰত চৰকাৰৰ এই আঁচনিৰ বাবে একাদশ,দ্বাদশ,স্নাতক প্ৰথম ,দ্বিতীয় ,তৃতীয়,চতুৰ্থ,পঞ্চম আৰু ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰছাত্ৰীয়ে লেপটপৰ বাবে আৱেদন কৰিব পাৰিব ৷ ২০২২-২৩ বৰ্ষৰ বাবে এই আৱেদন গ্ৰহণ কৰা হ’ব আৰু ছাত্ৰছাত্ৰীয়ে এই ৱেবছাইটটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নেশ্যনেল লেপটপ স্কীমৰ সকলো আপডেট পাব ”
ৱেবছাইটটোত উল্লেখ থকা অনুসৰি ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে এই আঁচনিৰ শুভাৰম্ভ কৰিছে৷

এই আঁচনি ভুৱা বুলি ইতিমধ্যে সদৰী কৰিছে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ই৷

এই আঁচনিৰ জৰিয়তে লেপটপ বিচাৰি আৱেদনৰ বাবে শিক্ষাৰ্থীয়ে বাৰে বাৰে ক্লিক কৰিছে ৱেবছাইটোত৷

ছাত্ৰছাত্ৰীৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰ পৰিস্থিতিৰ৷
সেয়ে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ই এই বেবছাইট ভুৱা বুলি জাননী দিবলৈ বাধ্য হৈছে৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296