সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

 ৰহস্যৰ আবৰ্তত ‘লেপটপ স্কীম’!

ৰহস্যৰ আবৰ্তত ‘লেপটপ স্কীম’!
লেপটপ বিচাৰি হাঁহাকাৰ ছাত্ৰছাত্ৰীৰ
‘প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেপটপ স্কীম’
প্ৰকৃততে কি?
সঁচাকৈয়ে পাব নে লেপটপ ?  প্ৰধানমন্ত্ৰীৰ ভুৱা ৱেবছাইট?

‘প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেপটপ স্কীম ২০২২ ‘ অধীনত ২০২২-২৩ বৰ্ষত সকলো ছাত্ৰছাত্ৰীক লেপটপ আগবঢ়োৱা হ’ব বুলি প্ৰচাৰ চলাইছে এটা ৱেবছাইটে ৷

- Donation -

ৱেবছাইটটোত লিখা আছে এনেদৰে “ ভাৰত চৰকাৰে সকলো ৰাজ্যৰ ছাত্ৰছাত্ৰীৰ বাবে প্ৰধানমন্ত্ৰী নেশ্যনেল লেপটপ স্কীমৰ অধীনত লেপটপ আগবঢ়াব আৰু ইচ্ছুক সকলে Www.pmssgovt.online ৰ জৰিয়তে ইয়াৰ বাবে আৱেদন কৰিব পাৰিব৷”
ইয়াৰ লগতে তাত লিখিছে“ভাৰত চৰকাৰৰ এই আঁচনিৰ বাবে একাদশ,দ্বাদশ,স্নাতক প্ৰথম ,দ্বিতীয় ,তৃতীয়,চতুৰ্থ,পঞ্চম আৰু ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰছাত্ৰীয়ে লেপটপৰ বাবে আৱেদন কৰিব পাৰিব ৷ ২০২২-২৩ বৰ্ষৰ বাবে এই আৱেদন গ্ৰহণ কৰা হ’ব আৰু ছাত্ৰছাত্ৰীয়ে এই ৱেবছাইটটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নেশ্যনেল লেপটপ স্কীমৰ সকলো আপডেট পাব ”
ৱেবছাইটটোত উল্লেখ থকা অনুসৰি ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে এই আঁচনিৰ শুভাৰম্ভ কৰিছে৷

এই আঁচনি ভুৱা বুলি ইতিমধ্যে সদৰী কৰিছে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ই৷

এই আঁচনিৰ জৰিয়তে লেপটপ বিচাৰি আৱেদনৰ বাবে শিক্ষাৰ্থীয়ে বাৰে বাৰে ক্লিক কৰিছে ৱেবছাইটোত৷

ছাত্ৰছাত্ৰীৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰ পৰিস্থিতিৰ৷
সেয়ে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ই এই বেবছাইট ভুৱা বুলি জাননী দিবলৈ বাধ্য হৈছে৷

Leave A Reply

Your email address will not be published.