গেৰুকামুখৰ ঠুনুকা পাহাৰত ভূমিস্খলন 

Share This Article

গেৰুকামুখৰ ঠুনুকা পাহাৰত ভূমিস্খলন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইনটেক টানেলৰ ওপৰত ভয়ংকৰ ভূমিস্খলন । বৃহৎ বৃহৎ আকাৰৰ ভংগুৰ খহি হৈছে ভয়ংকৰ শব্দ মেঘৰ গাজনিৰ দৰেই ভয়ংকৰ শব্দত কঁপিছে আকাশ-বতাহ৷ জানিব পৰা মতে লেফ্ট বেংকৰ পাহাৰ ফোপোলা হৈ পৰিছে ফলত এই ভূমিস্খলনইটোৰ পিছত সিটোকৈ খহিছে ভংগুৰ পাহাৰৰ অংশ ৷

ইমানৰ পিছতো বান্ধ নিৰ্মাণকাৰী সংস্থা NHPCয়ে ল’ব পৰা নাই ব্যৱস্থা,বৰঞ্চ চলাই গৈছে অহৰ্নিশে কাম ভংগুৰ পাহাৰ খহাৰ দৃশ্যই ভবাই তুলিছে সকলোকে৷ কিমান সুৰক্ষিত গেৰুকামুখৰ ভংগুৰ পাহাৰ,, কেনেকৈ সম্ভৱ ভংগুৰ পাহাৰত নিৰ্মাণৰত ২,০০০ মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদী বান্ধ? অসমৰ দিশৰ পাহাৰলৈ সম্পূৰ্ণৰূপে ভাবুকি , প্ৰকৃতিৰ যদি কৃপাদৃষ্টি নহয় তেন্তে গেৰুকামুখৰ পাহাৰত বৃহৎ নদী বান্ধৰ নিৰ্মাণৰ অসম্ভৱ ৷ ইতিমধ্যে লেফ্ট বেংকৰ দুটা পথ সম্পূৰ্ণৰূপে নদীত জাহ গৈছে, NHPC য়ে যিমানেই উন্নত কাৰিকৰী প্ৰযুক্তিৰ ব্যৱহাৰ নকৰক কিয় প্ৰকৃতিৰ ওচৰত আঁঠু ল’ব লাগিব NHPC য়ে |

উল্লেখ্য যে, বিশেষজ্ঞ সমিতি আৰু সেউজ ন্যায়াধীকৰণৰ প্ৰতিবেদনৰ প্ৰতিটো তথ্যই সঁচা প্ৰমাণিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত।

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.