অসমত কেইলাখ নিবনুৱা আছে?

আজিৰ পৰা ছয়টা বছৰ আগৰ কথা৷বর্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছ এৰি যোগ দিছে বিজেপিত৷তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিল নিবনুৱাৰ কথা।হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমৰ ২৩ লাখ নিবনুৱাৰ কথা।তৰুণ গগৈ চৰকাৰক সমালোচনা কৰি এই ২৩ লাখ নিবনুৱাৰ সংস্থাপনৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মাই।হিমন্ত বিশ্ব শৰ্মাই কোৱা সেই কথাখিনিয়েই সন্নিবিষ্ট হৈছিল বিজেপিৰ ২০১৬ চনৰ ভিজন ডকুমেণ্টত।

ভিজন ডকুমেণ্টৰ আৰম্ভণিতেই লিখা হৈছিল,অসমৰ ২৩ লাখতকৈ অধিক শিক্ষিত যুৱক যুৱতী কৰ্মহীন।পাপন আৰু জুবিনৰ মাতৃভূমিয়ে কেৱল প্ৰতিভাসম্পন্ন শিল্পী সকলক সুযোগ সুবিধা দিয়াতেই ব্যৰ্থ হোৱা নাই।দেশৰ অন্যতম মেধা সম্পন্ন সকলক মহত্বপূর্ণ কৰ্ম প্ৰদান কৰাতো ব্যৰ্থ হৈছে।ৰাজ্যখনত কর্মসংস্থাপন সৃষ্টিতো ব্যৰ্থ হৈছে আৰু যুৱকসকলক আশা ভৰসা প্ৰদান কৰাতো ব্যৰ্থ হৈছে।
শাসনলৈ নাহোতেই ইমানখিনি কথা হৃদয়ংগম কৰিবলৈ সক্ষম হৈছিল অসম বিজেপি।কিন্তু তাৰপিছত কি হল?
নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ২৩ লাখ নিবনুৱাৰ কথা কলেও,২০১৬ চনত অসমত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা আছিল ১৬ লাখ ৪২ হাজাৰ ৭১৮ গৰাকী।অৱশ্যে পঞ্জীয়ন নোহোৱাকৈ ৰৈ যাব পাৰে অলেখ নিবনুৱাৰ হিচাপ।কিন্তু মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে বিধানসভাত দাঙি ধৰা এক তথ্য অনুসৰি ২০১৮ চনৰ ৩১ ডিচেম্বৰলৈ অসমত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা হলগৈ ২০ লাখ ২৪ হাজাৰ ৪৪৬ গৰাকী।অৰ্থাৎ সোণোৱাল চৰকাৰৰ তিনিবছৰত অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি হল প্ৰায় ৪ লাখ।তিনিবছৰত যদি চাৰি লাখ নিবনুৱা বাঢ়ে,নিশ্চিতভাৱে পৰৱৰ্তী দুটা বছৰত নিবনুৱা বাঢ়িব পাৰে অতিৰিক্ত তিনি লাখ৷যি নহওক,২০১৬ চনৰ বিজেপিৰ ভিজন ডকুমেন্টৰ তথ্যকে মানি লৈ,আমি ২০২০ চনত অসমৰ নিবনুৱাৰ সংখ্যা ২৩ লাখ বুলি ধৰি ললো৷
ইমানলৈকে সকলো ঠিকে আছে।এতিয়া আহিছোঁ ইয়াতকৈ ভয়ংকৰ কথাটোলৈ।২০২০ চনৰ ৩১ মাৰ্চত বিধানসভাত এটা বিশেষ প্ৰশ্ন উত্থাপন কৰিছিল দেৱব্ৰত শইকীয়াই।সেই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিছিল ৰাজ্যিক উদ্ভৱনা আৰু ৰূপান্তৰ আয়োগৰ প্ৰতিবেদনৰ এক তথ্য।তথ্য অনুসৰি,কোভিড কালত বিভিন্ন খণ্ডত নিয়োজিত অসমৰ ১১০ লক্ষ লোকৰ ভিতৰত ৬৭ লাখ লোকৰ জীৱিকাত বিভিন্ন প্ৰকাৰে প্ৰভাৱ পৰিব।সেই অনুসৰি অসংগঠিত খণ্ডত নিয়োজিত ১৫ লাখৰ পৰা ২৭ লাখ লোকে কৰ্ম সংস্থাপন হেৰুৱাৰ পূৰ্ণ আশংকা আছে।সেই আশংকাই যদি সত্য হৈছে,তেন্তে অসমত নতুনকৈ ২৭ লাখ নিবনুৱাৰ সৃষ্টি হৈছে।অৰ্থাৎ, অসমত সৰ্বমুঠ নিবনুৱাৰ সংখ্যা হবগৈ প্ৰায় ৫০ লাখ।
এই কথাত চৰকাৰক সমলোচনা কৰিব লগা নাথাকিল হেতেন,যদিহে কোভিডৰ পৰৱৰ্তী কালত চিতাৰ প্ৰতিবেদন অনুসৰি এই বিষয়ত অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলেহেতেন।
এইয়া কোভিড কালৰ পৰিণতি।কিন্তু কোভিড নহালৈকে চৰকাৰে কি কৰিছিল?
বিজেপিৰ ভিজন ডকুমেণ্টত পাঁচশৰো অধিক প্ৰতিশ্ৰুতি আছিল।ইয়াৰ ভিতৰত আছিল নিবনুৱাৰ সংস্থাপন আৰু ইয়াৰ বাবে বিশেষ নটা পদক্ষেপ গ্ৰহণ।এই সমূহ পদক্ষেপৰ ভিতৰত আছিল এশটা bpo স্থাপন,নিয়োগ বিনিময় কেন্দ্ৰৰ উন্নতি,ত্ৰিশখন আই আই টি,পৰ্যটন উদ্যোগৰ বিকাশ,চাকৰি মেলা ইত্যাদি ইত্যাদি।এই সমূহৰ দ্বাৰা কি হল?
দৈনিক অসমৰ এক বাতৰি অনুসৰি অসম চৰকাৰৰ তথ্যমতে নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ২০১৮ চনত নিযুক্তি প্ৰদান কৰা হল ৯৪৫ জনক৷একেদৰে ২০১৯ চনত নিযুক্তি দিয়া হল ৮৬৭ জনক৷

আৰু তাৰেই পৰিণতি বৃহস্পতি বাৰৰ পৰিস্থিতি৷চিতাৰ প্ৰতিবেদনকেই সত্য প্ৰমাণিত কৰি হাজাৰ হাজাৰ নিবনুৱা ওলাই আহিল চাকৰি বিচাৰি৷কিন্তু বাস্তবত যেন,সংস্থাপিত হোৱাৰ সলনি,একো একো গৰাকী জ’কাৰ হৈ ঘৰলৈ ওভতি যাব লগা হল পাপন জুবিনৰ মাতৃভূমিৰ লাখ লাখ মেধাসম্পন্ন যুৱক যুৱতী৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296