Investigative reporting with dedication.
দেশৰ নৌ বিভাগত সংযোজন প্ৰথম খন যুদ্ধজাহাজ

দেশৰ নৌ বিভাগক আৰু অধিক শক্তিশালী কৰিবৰ বাবে নতুনকৈ সংযোজন হ’ল ভাৰতৰ প্ৰথমখন যুদ্ধ জাহাজ। সমুদ্ৰপৃষ্ঠৰ পৰা শত্ৰুৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰ ৰক্ষা কৰিবৰ বাবে সাজু কৰা হৈছে এই বিশেষ যুদ্ধজাহাজ খন। ১০ ছেপ্টেম্বৰ অৰ্থাৎ কাইলৈ, ধ্ৰুৱ নামৰ এই বিশেষ জাহাজখনে ফ্লীট অফ ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ড (এছএফচি)ত যোগদান কৰিব। জাহাজখনে উপগ্ৰহ বিৰোধী মিছাইলবোৰো অনুসৰণ কৰিব পাৰে বুলি জানিব পৰা গৈছে। এছএফচি কমাণ্ডৰ সৈতে জড়িত থকাৰ অংশ হিচাপে যুদ্ধজাহাজখনৰ বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য ভাগ-বতৰা কৰা হোৱা নাই যদিও প্ৰাপ্ত বিশেষ তথ্য অনুসৰি, আইএনএছ ধ্ৰুৱ জাহাজখন ১০ ছেপ্টেম্বৰত বিশাখাপত্তনমত শুভাৰম্ভ কৰা হ’ব





