Investigative reporting with dedication.
আকৌ আহিছে ক’ভিডঃ একে দিনাই দেশত আক্ৰান্ত ৪০,০০০

দেশত অব্যাহত আছে ক’ভিডৰ কালৰূপ। ৰোগীৰ সংখ্যা প্ৰতিদিনে প্ৰায় ৪০০০০ বৃদ্ধি হৈ আছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে ৰাতিপুৱা প্ৰকাশ কৰিছে এই তথ্য । মন্ত্ৰালয়ৰ মতে বিগত ২৪ ঘণ্টাত ৩৮,৯৪৮ নতুন ৰোগী ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। বিগত ২৪ ঘণ্টাত ২১৯ জন কৰোনা সংক্ৰমিত লোকে প্ৰাণ হেৰুৱাইছিল। যোৱা কালিৰ দিনটোত ক’ভিডৰ পৰা ৪৩৯০৩ গৰাকী ৰোগী আৰোগ্য হৈছে।





