Investigative reporting with dedication.

পুনৰ আৰম্ভ হ’ল উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। নিতৌ পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ কোভিড বিধি অনুসৰি চলাচল কৰিব ফেৰী সেৱা।
২১ মে’ ৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবেই চাৰিমাহ ধৰি বন্ধ আছিল গুৱাহাটীৰ ফেৰী সেৱা। মধ্যম খণ্ডৰ পাৰঘাটৰ বালি চৰৰ বাবে ৰজাদুৱাৰ ঘাটৰ পৰাই দুয়োটা ঘাটৰ ফেৰী চলাচল কৰিব। এশ শতাংশ যাত্ৰী লৈ পূৰ্বৰ সূচী মতে চলিব নিয়মীয়া ফেৰী।




