মমতা বেনাৰ্জীৰ ভতিজা , তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীক ই ডিৰ তলব কিয় ?

মমতা – মোদীৰ কাজিয়া এতিয়াও শেষ হোৱা নাই ৷ পশ্চিমবংগত চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ পাছত মমতা বেনাৰ্জীৰ লক্ষ্য এইবাৰ নতুন দিল্লী ৷ বিৰোধী মহাজোট গঠনেৰে বিজেপিক উৎখাতৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে মমতা বেনাৰ্জীয়ে ৷ দেশজুৰি বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰাৰ দায়িত্ব দিয়া হৈছে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীক ৷

অভিষেক বেনাৰ্জী ৰাষ্ট্ৰীয় ৰাজনীতিত সক্ৰিয় হৈ উঠা সময়তে তৃণমূল নেতাগৰাকীক পত্নীসহ তলব কৰিছে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেট অৰ্থাৎ ই ডিয়ে ৷ ই ডিয়ে তৃনমূলৰ নেতা অভিষেক বেনাৰ্জীক ৩ ছেপ্তেম্বৰ আৰু তেওৰ পত্নী ৰুজিৰা বেনাৰ্জীক জেৰাৰ বাবে নতুন দিল্লীলৈ তলব কৰিছে ৷কয়লা সৰবৰাহ সংক্ৰান্তীয় এক গোচৰত তেওলোকৰ লগতে অভিষেকৰ অধিবক্তা সঞ্জয় বসুকো তলব কৰা বুলি সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পাইছে ৷

বিগত বিধানসভা নিৰ্বাচনৰ সময়তো অভিষেক বেনাৰ্জীৰ পত্নীক ই ডিয়ে জেৰা কৰিছিল ৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296