Investigative reporting with dedication.

আফগানিস্তানত পুনৰ এবাৰ ক্ষমতা দখল কৰাৰ পিছত তালিবানে এতিয়া কৈছে যে পাকিস্তান তালিবানৰ বাবে দ্বিতীয়খন ঘৰৰ দৰে। পাকিস্তানী টিভি চেনেল ARI নিউজৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে আফগানিস্তান পাকিস্তানৰ সীমান্তৱৰ্তী। ধৰ্মৰ দিশৰ পৰাও দুয়োখন দেশৰ মিল আছে আৰু দুয়োখন দেশৰ লোকসকলো প্ৰায় একে। সেয়েহে তালিবানে পাকিস্তানৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
মুজাহিদে লগতে উল্লেখ কৰিছিল যে তালিবানে আফগানিস্তান দখল কৰাত পাকিস্তানৰ কোনো ভূমিকা নাছিল আৰু আফগানিস্তানৰ বিষয়ত পাকিস্তানে কেতিয়াও হস্তক্ষেপো কৰা নাছিল। মুখপাত্ৰজনে তালিবানে ভাৰতকে ধৰি আন দেশৰ সৈতেও উন্নত সম্পৰ্ক গঢ়ি তুলিব বিচাৰে বুলি দাবী কৰিছে।



