দ্ৰুতগতিত হ্ৰাস পাইছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ?

দেশৰ পৰৱর্তী প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে?নৰেন্দ্ৰ মোদী নে মমতা বেনার্জী ? অথবা ৰাহুল গান্ধী নে অৰবিন্দ কেজৰিৱালক ?যোগী আদিত্যনাথ নে  অমিত শ্বাহক ?

প্ৰধানমন্ত্ৰী হিচাপে  দেশবাসীৰ এতিয়াও প্ৰথম পচন্দৰ প্ৰার্থী নৰেন্দ্ৰ মোদী৷ কিন্তু বিগত বর্ষতকৈ বহুগুনে জনপ্ৰিয়তা হ্ৰাস পাইছে নৰেন্দ্ৰ মোদীৰ ৷ একেসময়তে জনপ্ৰিয়তা বৃদ্ধি পাইছে অৰবিন্দ কেজৰিৱাল আৰু মমতা বেনার্জীৰ৷ ২০২০ চনত দেশৰ ৬৬ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছিল নৰেন্দ্ৰ মোদীক৷ কিন্তু ২০২১ চনত দেশৰ ২৪ শতাংশ লোকেহে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নৰেন্দ্ৰ মোদীক৷ প্ৰশ্ন হয় , নৰেন্দ্ৰ মোদীৰ প্ৰতি হ্ৰাস পোৱা সমর্থন লাভ কৰিছে কোনে?

‘ইণ্ডিয়া টুডে মুড অফ দা নেশ্যন’ শীর্ষক এক সমীক্ষা প্ৰতি বছৰে প্ৰকাশ পাই আহিছে ৷  জানুৱাৰী আৰু আগষ্ট মাহত দেশৰ ৰাজনীতিক সকলৰ জনপ্ৰিয়তা সন্দর্ভত প্ৰকাশ পায় এই সমীক্ষা৷২০২১ চনৰ আগষ্ট মাহৰ এই সমীক্ষা অনুসৰিয়েই দেশৰ মাত্ৰ ২৪ শতাংশ লোকেহে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নৰেন্দ্ৰ মোদীক৷

মুড অফ দা নেশ্যনৰ ২০২০ চনৰ আগষ্ট মাহৰ সমীক্ষা অনুসৰি দেশৰ ৬৬ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছিল নৰেন্দ্ৰ মোদীক৷ ২০২১ চনৰ জানুৱাৰী মাহত দেশৰ ৩৮ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে সমর্থন কৰিছিল নৰেন্দ্ৰ মোদীক৷কিন্তু ২০২১ চনৰ আগষ্ট মাহত দেশৰ মাত্ৰ ২৪ শতাংশ নাগৰিকেহে প্ৰধানমন্ত্ৰী হিচাপে সমর্থন কৰিছে নৰেন্দ্ৰ মোদীক৷

দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নাম৷যোগী আদিত্যনাথক দেশৰ ১১ শতাংশ নাগৰিকে সমর্থন কৰে প্ৰধানমন্ত্ৰী হিচাপে৷২০২০ চনৰ আগষ্ট মাহত দেশৰ মাত্ৰ ৩ শতাংশ লোকেহে প্ৰধানমন্ত্ৰী হিচাপে সমর্থন কৰিছিল আদিত্যনাথক৷

যোগী আদিত্যনাথৰ পিছত দেশবাসীৰ পছন্দৰ তালিকাত তৃতীয় স্থানত আছে ৰাহুল গান্ধী৷ দেশৰ ১০ শতাংশ নাগৰিকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে ৰাহুল গান্ধীক৷২০২০ চনৰ আগষ্ট মাহত দেশৰ  ৮ শতাংশ লোকে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছিল যদিও ২০২১ চনৰ জানুৱাৰী মাহত ৰাহুল গান্ধীৰ সমর্থন হ্ৰাস পাইছিল ৭ শতাংশলৈ৷

দেশবাসীৰ পচন্দৰ তালিকাত চতুর্থ স্থানত আছে দুগৰাকী ৰাজনীতিক৷ তেওলোক ক্ৰমে- পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷

২০২০ চনৰ আগষ্ট মাহত দেশৰ মাত্ৰ ২ শতাংশ নাগৰিকেহে প্ৰধানমন্ত্ৰী হিচাপে সমর্থন কৰিছিল মমতা বেনার্জীক৷২০২১ চনৰ জানুৱাৰী মাহত সেই সমর্থন বৃদ্ধি পাইছিল ৪ শতাংশলৈ৷বর্তমান দেশৰ ৮ শতাংশ নাগৰিকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে মমতা বেনার্জীক৷একদৰে ২০২০ চনৰ আগষ্ট মাহত দেশৰ ৩ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে অৰবিন্দ কেজৰিৱালক সমর্থন কৰাৰ বিপৰীতে বর্তমান সময়ত সেই সমর্থন বৃদ্ধি পাইছে ৮ শতাংশলৈ৷

অমিত শ্বাহ দেশৰ প্ৰধানমন্ত্ৰী হব নেকি?এয়াও এটা চর্চিত প্ৰশ্ন৷ইণ্ডিয়া টুডেৰ সমীক্ষা অনুসৰি বর্তমান দেশৰ ৭ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে অমিত শ্বাহক৷

দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰী পদৰ প্ৰথম পচন্দ এতিয়াও নৰেন্দ্ৰ মোদী৷কিন্তু এটা বছৰত প্ৰধানমন্ত্ৰীজনৰ প্ৰতি সমর্থন ৬৬ শতাংশৰ পৰা ২৪ শতাংশলৈ হ্ৰাস পোৱা ঘটনাই গুৰুতৰ তাৎপর্য বহন কৰিছে ৷

(এই বাতৰি ভিডিওৰ ৰূপত চাবলৈ ইয়াত  ক্লিক কৰক)

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296