তালিবানে কিদৰে সাব্যস্ত কৰিলে সহজ বিজয় ?

সংখ্যাত তাকৰ ৷ অস্ত্ৰৰ দিশৰ পৰাও সেনাৰ সমান শক্তিশালী নহয় ৷ তেনেহ’লে , কেনেকৈ ইমান কম সময়ৰ ভিতৰত কাবুল দখল কৰিবলৈ সক্ষম হ’ল তালিবান বাহিনীয়ে ? তালিবানৰ অতৰ্কিত উত্থান এতিয়া সমগ্ৰ বিশ্বৰ নিৰাপত্তা বিশ্লেষকসকলৰ বাবে কৌতুহলৰ বিষয় হৈ পৰিছে ৷ আমেৰিকাৰ প্ৰশিক্ষণ প্ৰাপ্ত ৩ লাখ আফগান সেনাক নিমিষতে পৰাভূত কৰি তালিবানৰ ক্ষমতা দখলৰ ঘটনাই সকলোকে আশ্চৰ্যচকিত কৰি তুলিছে ৷ তালিবান সঁচাকৈ ইমান শক্তিশালীনে  ? তালিবানক কোনে গোপনে সহায় কৰে ? এনে অনেক প্ৰশ্নই এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে ৷

বিগত সপ্তাহত আমেৰিকাৰ চোৰাংছোৱা সংস্থাই ঘোষণা কৰিছিল যে তালিবানে কাবুল দখল কৰিবলৈ ৯০ দিন সময়ৰ প্ৰয়োজন হ’ব ৷ কিন্তু সেই সকলো হিচাপ নিকাচ ওফৰাই চকুৰ পচাৰতে সমগ্ৰ আফগানিস্তানত নিগৰ দখল সাব্যস্ত কৰিলে পাকিস্তানৰ মদতপুষ্ট তালিবান বাহিনীয়ে ৷ ইয়াৰ পূৰ্বে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ শাসনত থাকিও ইমান বৃহং অঞ্চলত নিজৰ দখল সাব্যস্ত কৰিব পৰা নাছিল তালিবানে ৷ সামৰিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে এইবাৰ তালিবানে একপ্ৰকাৰ অসাধ্য সাধন কৰিছে ৷

বিশেষজ্ঞসকলৰ মতে ধৰ্মীয় উন্মাদনাৰ সমান্তৰালভাৱে নিখুঁত ৰণকৌশলৰ বাবে তালিবানৰ ক্ষমতা দখল সহজতে সম্ভৱ হৈ পৰিল ৷ তেওলোকৰ মতে দুই দশকতকৈও অধিক সময় বিদেশী সেনাৰ বশ্যতা মনেৰে মানি ল’ব পৰা নাছিল স্থানীয় পাছতুন জনগোষ্ঠীয়ে ৷তালিবানৰ অধিকাংশ যোদ্ধাই এই পাছতুন জনগোষ্ঠীৰ ৷উনবিংশ শতিকাত ব্ৰিটিছ আৰু আশীৰ দশকত ছোভিয়েট ইউনিয়নক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লৈছিল পাছতুন জনগোষ্ঠীয়ে ৷ এইবাৰো আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰিব লোৱাৰ লগে লগে গ্ৰাম্যাঞ্চলত থকা পাছতুন জনগোষ্ঠীৰ লোকসকল একত্ৰিতভাৱে তালিবানৰ সমৰ্থনত থিয় হ’ল ৷ এনেদৰে তালিবানে প্ৰায় ৭০ হাজাৰ সশস্ত্ৰ যোদ্ধা লৈ আগবাঢ়িলেও কমেও ডেৰ লাখ মিলিছিয়া বাহিনীৰ সমৰ্থন লাভ কৰিছিল ৷ যুদ্ধক্ষেত্ৰত ইয়ে নিৰ্ণায়ক ভূমিকা ল’লে ৷

আক্ৰমণৰ পথ নিৰ্ণয় কৰাৰ ক্ষেত্ৰতো তালিবানে লৈছিল সুকীয়া ৰণকৌশল ৷ ১৯৯৬ চনত তেওলোকে পাছতুন অধ্যুষিত দক্ষিণৰ অঞ্চলৰ পৰাই আক্ৰমণ চলাইছিল ৷ কিন্তু এইবাৰ এক বহুমুখী আক্ৰমণৰ কৌশল লৈ সংখ্যালঘু হাজাৰা , তাজিক , উজবেক , তুৰ্ক , পামিৰি আদি জনগোষ্ঠী অধ্যুষিত উত্তৰ আৰু পশ্চিম দিশৰ পৰা সমানে আক্ৰমণ চলাইছিল ৷ তদুপৰি ইৰান , উজবেকিস্তান , তুৰ্কমেনিস্তান , তাজিকিস্তান সীমান্তত পূৰ্বৰে পৰা খোপনি দৃঢ় কৰিছিল তালিবান বাহিনীয়ে ৷ ৷যাৰ বাবে আফগান সেনাই এই বহুমুখী আক্ৰমণ সঠিকভাৱে প্ৰতিৰোধ কৰিব নোৱাৰিলে ৷

পূৰ্বতকৈ আৰ্থিকভাৱেও অধিক শক্তিশালী হৈ উঠিছিল তালিবান ৷ ২০১৮ চনত তালিবানৰ আনুমানিক সম্পত্তি আছিল প্ৰায় ৬ হাজাৰ কৌটি টকা মূল্যৰ ৷২০২০ চনত সেয়া বৃদ্ধি পালে প্ৰায় ১১ হাজাৰ ১০০ কৌটি টকালৈ ৷ আনহাতে , আফগান সেনাই সদায় আমেৰিকাৰ মুখলৈ বাট চাই থাকিবলগীয়া হয় ৷ ২০২০ চনত আফগানিস্তানৰ নিজস্ব ৰাজহ আছিল মাত্ৰ ২ হাজাৰ কৌটি টকা ৷ ইয়াৰ বাহিৰে আমেৰিকাৰ পৰা লাভ কৰিছিল প্ৰায় ৮০ হাজাৰ কৌটি টকা ৷ গতিকে আমেৰিকাৰ সমৰ্থন নোহোৱা হোৱাৰ লগে লগে দুৰ্বল হৈ পৰিল আফগান সেনা আৰু চৰকাৰ ৷ ইয়াৰ বিপৰীতে বিপুল অৰ্থশক্তি তালিবানৰ সহজ বিজয়ৰ আন এক মুখ্য কাৰণ হৈ পৰিল ৷

তালিবানৰ ধন উপাৰ্জনৰ মুখ্য উৎস হ’ল খনি ৷ দক্ষিণ আফগানিস্তানত থকা চৰকাৰ নিয়ন্ত্ৰিত খনি সমূহৰ পৰা নিয়মিত ধন সংগ্ৰহ কৰে তালিবানে ৷স্থানীয় ব্যৱসায় , কৃষিৰ পৰাও আহে নিয়মিত ’কৰ’৷ড্ৰাগছৰ চোৰাং ব্যৱসায়  , পশ্চিম এছিয়াৰ বিভিন্ন দেশৰ পৰা লাভ কৰা ধনেৰে তেওলোকে অস্ত্ৰ- শস্ত্ৰ ক্ৰয় কৰাই নহয় , আফগান সেনাক উৎকোচ দিও সহজতে বহু অঞ্চল দখল কৰি লৈছিল ৷

এইদৰেই সহজতে আফগান সেনাক পৰাজিত কৰি তালিবানে ক্ষমতা দখল কৰিলে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে ৷ ইয়াৰ পাছত বিশ্ব ৰাজনীতিলৈ কেনে পৰিৱৰ্তন আহে , সেয়া  উৎসুকতাৰ বিষয় হৈ পৰিছে ৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296