সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানে কিদৰে সাব্যস্ত কৰিলে সহজ বিজয় ?

সংখ্যাত তাকৰ ৷ অস্ত্ৰৰ দিশৰ পৰাও সেনাৰ সমান শক্তিশালী নহয় ৷ তেনেহ’লে , কেনেকৈ ইমান কম সময়ৰ ভিতৰত কাবুল দখল কৰিবলৈ সক্ষম হ’ল তালিবান বাহিনীয়ে ? তালিবানৰ অতৰ্কিত উত্থান এতিয়া সমগ্ৰ বিশ্বৰ নিৰাপত্তা বিশ্লেষকসকলৰ বাবে কৌতুহলৰ বিষয় হৈ পৰিছে ৷ আমেৰিকাৰ প্ৰশিক্ষণ প্ৰাপ্ত ৩ লাখ আফগান সেনাক নিমিষতে পৰাভূত কৰি তালিবানৰ ক্ষমতা দখলৰ ঘটনাই সকলোকে আশ্চৰ্যচকিত কৰি তুলিছে ৷ তালিবান সঁচাকৈ ইমান শক্তিশালীনে  ? তালিবানক কোনে গোপনে সহায় কৰে ? এনে অনেক প্ৰশ্নই এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে ৷

বিগত সপ্তাহত আমেৰিকাৰ চোৰাংছোৱা সংস্থাই ঘোষণা কৰিছিল যে তালিবানে কাবুল দখল কৰিবলৈ ৯০ দিন সময়ৰ প্ৰয়োজন হ’ব ৷ কিন্তু সেই সকলো হিচাপ নিকাচ ওফৰাই চকুৰ পচাৰতে সমগ্ৰ আফগানিস্তানত নিগৰ দখল সাব্যস্ত কৰিলে পাকিস্তানৰ মদতপুষ্ট তালিবান বাহিনীয়ে ৷ ইয়াৰ পূৰ্বে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ শাসনত থাকিও ইমান বৃহং অঞ্চলত নিজৰ দখল সাব্যস্ত কৰিব পৰা নাছিল তালিবানে ৷ সামৰিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে এইবাৰ তালিবানে একপ্ৰকাৰ অসাধ্য সাধন কৰিছে ৷

- Donation -

বিশেষজ্ঞসকলৰ মতে ধৰ্মীয় উন্মাদনাৰ সমান্তৰালভাৱে নিখুঁত ৰণকৌশলৰ বাবে তালিবানৰ ক্ষমতা দখল সহজতে সম্ভৱ হৈ পৰিল ৷ তেওলোকৰ মতে দুই দশকতকৈও অধিক সময় বিদেশী সেনাৰ বশ্যতা মনেৰে মানি ল’ব পৰা নাছিল স্থানীয় পাছতুন জনগোষ্ঠীয়ে ৷তালিবানৰ অধিকাংশ যোদ্ধাই এই পাছতুন জনগোষ্ঠীৰ ৷উনবিংশ শতিকাত ব্ৰিটিছ আৰু আশীৰ দশকত ছোভিয়েট ইউনিয়নক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লৈছিল পাছতুন জনগোষ্ঠীয়ে ৷ এইবাৰো আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰিব লোৱাৰ লগে লগে গ্ৰাম্যাঞ্চলত থকা পাছতুন জনগোষ্ঠীৰ লোকসকল একত্ৰিতভাৱে তালিবানৰ সমৰ্থনত থিয় হ’ল ৷ এনেদৰে তালিবানে প্ৰায় ৭০ হাজাৰ সশস্ত্ৰ যোদ্ধা লৈ আগবাঢ়িলেও কমেও ডেৰ লাখ মিলিছিয়া বাহিনীৰ সমৰ্থন লাভ কৰিছিল ৷ যুদ্ধক্ষেত্ৰত ইয়ে নিৰ্ণায়ক ভূমিকা ল’লে ৷

আক্ৰমণৰ পথ নিৰ্ণয় কৰাৰ ক্ষেত্ৰতো তালিবানে লৈছিল সুকীয়া ৰণকৌশল ৷ ১৯৯৬ চনত তেওলোকে পাছতুন অধ্যুষিত দক্ষিণৰ অঞ্চলৰ পৰাই আক্ৰমণ চলাইছিল ৷ কিন্তু এইবাৰ এক বহুমুখী আক্ৰমণৰ কৌশল লৈ সংখ্যালঘু হাজাৰা , তাজিক , উজবেক , তুৰ্ক , পামিৰি আদি জনগোষ্ঠী অধ্যুষিত উত্তৰ আৰু পশ্চিম দিশৰ পৰা সমানে আক্ৰমণ চলাইছিল ৷ তদুপৰি ইৰান , উজবেকিস্তান , তুৰ্কমেনিস্তান , তাজিকিস্তান সীমান্তত পূৰ্বৰে পৰা খোপনি দৃঢ় কৰিছিল তালিবান বাহিনীয়ে ৷ ৷যাৰ বাবে আফগান সেনাই এই বহুমুখী আক্ৰমণ সঠিকভাৱে প্ৰতিৰোধ কৰিব নোৱাৰিলে ৷

পূৰ্বতকৈ আৰ্থিকভাৱেও অধিক শক্তিশালী হৈ উঠিছিল তালিবান ৷ ২০১৮ চনত তালিবানৰ আনুমানিক সম্পত্তি আছিল প্ৰায় ৬ হাজাৰ কৌটি টকা মূল্যৰ ৷২০২০ চনত সেয়া বৃদ্ধি পালে প্ৰায় ১১ হাজাৰ ১০০ কৌটি টকালৈ ৷ আনহাতে , আফগান সেনাই সদায় আমেৰিকাৰ মুখলৈ বাট চাই থাকিবলগীয়া হয় ৷ ২০২০ চনত আফগানিস্তানৰ নিজস্ব ৰাজহ আছিল মাত্ৰ ২ হাজাৰ কৌটি টকা ৷ ইয়াৰ বাহিৰে আমেৰিকাৰ পৰা লাভ কৰিছিল প্ৰায় ৮০ হাজাৰ কৌটি টকা ৷ গতিকে আমেৰিকাৰ সমৰ্থন নোহোৱা হোৱাৰ লগে লগে দুৰ্বল হৈ পৰিল আফগান সেনা আৰু চৰকাৰ ৷ ইয়াৰ বিপৰীতে বিপুল অৰ্থশক্তি তালিবানৰ সহজ বিজয়ৰ আন এক মুখ্য কাৰণ হৈ পৰিল ৷

তালিবানৰ ধন উপাৰ্জনৰ মুখ্য উৎস হ’ল খনি ৷ দক্ষিণ আফগানিস্তানত থকা চৰকাৰ নিয়ন্ত্ৰিত খনি সমূহৰ পৰা নিয়মিত ধন সংগ্ৰহ কৰে তালিবানে ৷স্থানীয় ব্যৱসায় , কৃষিৰ পৰাও আহে নিয়মিত ’কৰ’৷ড্ৰাগছৰ চোৰাং ব্যৱসায়  , পশ্চিম এছিয়াৰ বিভিন্ন দেশৰ পৰা লাভ কৰা ধনেৰে তেওলোকে অস্ত্ৰ- শস্ত্ৰ ক্ৰয় কৰাই নহয় , আফগান সেনাক উৎকোচ দিও সহজতে বহু অঞ্চল দখল কৰি লৈছিল ৷

এইদৰেই সহজতে আফগান সেনাক পৰাজিত কৰি তালিবানে ক্ষমতা দখল কৰিলে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে ৷ ইয়াৰ পাছত বিশ্ব ৰাজনীতিলৈ কেনে পৰিৱৰ্তন আহে , সেয়া  উৎসুকতাৰ বিষয় হৈ পৰিছে ৷

 

Leave A Reply

Your email address will not be published.