গৰু সুৰক্ষিত হল,সুৰক্ষিত নহল সীমান্ত!

গো সুৰক্ষিত হল৷সুৰক্ষিত নহল সীমান্ত৷কালি বিধানসভাত গৃহীত হল গো সুৰক্ষা বিধেয়ক৷সৰল অর্থত অসম চৰকাৰে সুফক্ষা নিশ্চিত কৰিলে গৰুৰ৷কিন্তু গৰুৰ সুৰক্ষা নিশ্চিত কৰা চৰকাৰে নিশ্চিত কৰিব পৰা নাই সীমান্তৰ সুৰক্ষাৰ৷সেইবাবেই সৌ সিদিনা অসম আৰক্ষীৰ ৬ জনকৈ বিষয়াই প্ৰাণ হেৰুৱাৰ পিছত পুনৰ গ্ৰেণেড বিস্ফোৰণ হল অসম-মিজোৰাম সীমান্তত৷ অসম-মিজোৰাম সীমান্তৰ এখন বিদ্যালয়ত সংঘটিত হল গ্ৰেণেড বিস্ফোৰণ। হাইলাকান্দিৰ এখন বিদ্যালয়ত নিশা মিজো দুৰ্বৃত্তই নিক্ষেপ কৰিলে গ্ৰেণেড।বিস্ফোৰণৰ ফলত ক্ষতিসাধন হয় বিদ্যালয়খনৰ৷ অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই বিস্ফোৰণত।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296