২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -২

অৰূপ কলিতাৰ কলমত-

৪২ বছৰ আগৰ কথা ৷
জৰুৰীকালীন সময়ৰ পাছত ইন্দিৰা গান্ধীয়ে কেৱল ক্ষমতাই হেৰুওৱা নাছিল , নিজৰ চৰকাৰী বাংলোটোও এৰিবলগীয়া হ’ল ৷ পুৰণি বন্ধুসকলেও ইতিমধ্যে সংগ এৰিছিল ৷ নিজৰ নতুন ফাৰ্ম হাউচটো তেতিয়াও সম্পূৰ্ণ হৈ উঠা নাছিল ৷ এজন অনুগতই ১২, উইলিংডন ক্ৰিছেন্টত ইন্দিৰা গান্ধীৰ পৰিয়ালটোক থাকিবলৈ ঠাই দিলে ৷ কিন্তু দলৰ কাম কাজ চলাই নিবলৈ ৰাজধানীত অকনমান ঠাইৰ অভাৱ ৷ সেই সময়ত অন্ধ্ৰপ্ৰদেশৰ সাংসদ জি ভেংকটস্বামীৰ চৰকাৰী বাংলো আছিল ২৪ , আকবৰ ৰোড ৷ এই ভৱনটোকে কংগ্ৰেছৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হ’ল ৷ ভেংকটস্বামীয়ে অনুমতি দিলে ৷ ১৯৭৮ চনৰ জানুৱাৰীৰ কোনো এটা পুৱাত ইন্দিৰা গান্ধী প্ৰৱেশ কৰিলে কংগ্ৰেছৰ নতুন কাৰ্যালয়টোত ৷ লগত কেইজনমান সহযোগী – বুটা সিঙ , এ আৰ অন্তুলে আদি ৷ তেওলোক খালী হাতেৰেই এই কাৰ্যালয়ত সোমাইছিল ৷ দলৰ পতাকা , পুৰণি নথি পত্ৰ , আচ বাব একোৱেই নছিল ৷ আনকি প্ৰথমাৱস্থাত ২৪ , আকবৰ ৰোডত টাইপ ৰাইটাৰ এটাও নাছিল ৷ তেনেকৈয়ে ইন্দিৰা গান্ধীয়ে কংগ্ৰেছৰ এটা নতুন অধ্যায় আৰম্ভ কৰিছিল ৷ ঘৰটোৰ আটাইতকৈ ডাঙৰ কোঠা ডাইনিঙ হলত সভানেত্ৰীৰ টেবুল চকীৰ ব্যৱস্থা কৰা হ’ল ৷ আন আন কোঠাকেইটাত বহিল সাধাৰণ সম্পাদকসকল ক্ৰমে এ আৰ অন্তুলে , বুটা সিঙ , এ পি সিঙ , বি পি মৌৰ্য আৰু কোষাধ্যক্ষ প্ৰণৱ মুখাৰ্জী ৷ ৮ টা কোঠাৰ ২৪ , আকবৰ ৰোডৰ কাৰ্যালয়টোত না কাৰ্পেট আছিল , না ড’ৰমেট ৷ আনকি কেতিয়াবা দলীয় কৰ্মীৰ সংখ্যা বেছি হ’লে খাদ্য সংকটেও দেখা দিয়ে ৷ বুটা সিঙে পাঞ্জাবী লংগৰৰ পৰা খাদ্য যোগাৰ কৰে ৷ ২৪ আকবৰ ৰোডৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা ইতিমধ্যে বহুদূৰ আগবাঢ়িছে ৷ ৮ টা কোঠাৰ ২৪ আকবৰ ৰোডত এতিয়া কোঠাৰ সংখ্যা ৩৪ টালৈ বাঢ়িল ৷বিগত ৪ টা দশক ধৰি এই ২৪ , আকবৰ ৰোড দেশৰ ৰাজনীতিৰ বহু উত্থান – পতনৰ সাক্ষী হৈ ৰৈছে ৷


২৪ , আকবৰ ৰোডৰ আছে আন এক ইতিহাস ৷ ১৯৬১ চনত এই বাংলোতে পিয়ানো শিকিছিল ম্যানমাৰৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ নেত্ৰী , শান্তিৰ নোবেল বটা বিজয়ী আঙ চান চ্যু কীয়ে ৷ তেতিয়া চ্যু কীৰ বয়স প্ৰায় ১৫ ৷ ভাৰতস্থিত ম্যানমাৰৰ ৰাষ্ট্ৰদূত , মাতৃ ডৱ খিন ক্যীৰ লগত আঙ চান চ্যু কীয়ে দুবছৰ কটাইছিল ২৪ , আকবৰ ৰোডত ৷তেতিয়া এই বাংলো পৰিচিত আছিল বাৰ্মা হাউচ হিচাপে ৷ ম্যানমাৰৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে জৱাহৰলাল নেহৰুৱে এই বাংলোটোৰ নাম ৰাখিছিল বাৰ্মা হাউচ ৷ ইয়াতে এটা কোঠাত থাকি আঙ চান চ্যু কীয়ে পিয়ানো শিকিছিল আৰু স্কুলীয়া শিক্ষাৰ সমাপ্তিত নামভৰ্তি কৰিছিল লেডী শ্ৰীৰাম কলেজত ৷ ভাৰতৰ কলেজত অধ্যয়ন কৰি গণতন্ত্ৰৰ প্ৰতি তেও গভীৰভাৱে আকৃষ্ট হৈছিল ৷ পৰিচয় লাভ কৰিছিল গান্ধীৰ দৰ্শনৰ ৷ সেই সময়ত সঞ্জয় আৰু ৰাজীৱ গান্ধী আছিল তেওৰ অন্তৰংগ বন্ধু ৷ ২৪ , আকবৰ ৰোড – লেডী শ্ৰীৰাম কলেজৰ অভিজ্ঞতাৰে আঙ চান চ্যু কীয়ে তেওৰ বিখ্যাত “ ফ্ৰীদম এণ্ড ফীয়েৰ “ ভাষণত উল্লেখ কৰিছিল – “ ক্ষমতা হেৰুওৱাৰ ভয়ে তেওলোকক শংকিত কৰে যিয়ে ইয়াক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে …৷”পাছলৈ কংগ্ৰেছৰ উপ – সভাপতি হিচাপে ৰাহুল গান্ধীয়ে ২৪ আকবৰ ৰোডৰ যিটো কোঠা ব্যৱহাৰ কৰিছিল , তাতেই এসময়ত চ্যু কীৰ পিয়ানো গুঞ্জৰিত হৈছিল ৷
…এই ২৪ , আকবৰ ৰোডৰ পৰাই বিধ্বস্ত কংগ্ৰেছে পুণৰ জনম লয়৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296