সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মোহন ভাগৱতে এয়া কি ক’লে ? অসমৰ পৰাই যি কথাৰ বিৰোধিতা হল-

দেওবাৰে গাজিয়াবাদৰ এখন সভাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে এইদৰে মন্তব্য কৰে – কোনোবা হিন্দুৱে যদি কয় যে মুছলমান ইয়াত থাকিব নোৱাৰে , তেনেহ’লে তেও হিন্দু নহয় ৷ গৰু এটা পবিত্ৰ জন্তু কিন্তু কোনোবাই যদি ইয়াৰ নামত আনক হত্যা কৰিছে , তেনেহ’লে ই হিন্দুত্বৰ বিৰোধী ৷ এনে লোকৰ ক্ষেত্ৰত আইনে নিজৰ মতে ব্যৱস্থা ল’ব লাগে ৷ মোহন ভাগৱতৰ এই মন্তব্যৰ পাছতে হাহাকাৰ লাগিছে আৰ এছ এছৰ ভিতৰচ’ৰাত ৷

- Donation -

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ মতে , প্ৰায় ৫০ বছৰ পাছত আৰ এছ এছৰ ভিতৰচ’ৰাত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে যে সংঘৰ মুৰব্বীৰ মন্তব্যক লৈ নিজৰ মাজতে বিৰোধিতা হৈছে ৷ দৈনিক ভাস্কৰৰ বাতৰি অনুসৰি – এই বিৰোধিতা আহিছে মূলত: নাগপুৰ অসম আৰু পশ্চিমবংগৰ পৰা ৷

কাৰণ অসম আৰু পশ্চিমবংগত শেহতীয়া নিৰ্বাচনত আৰ এছ এছে পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ৷অসমত মুছলমান অধ্যুষিত অঞ্চলসমূহত ২০ জনীয়া সমিতিও গঠন কৰা হৈছিল ৷ কিন্তু নিৰ্বাচনী ফলাফলত দেখা গ’ল যে এই অঞ্চলসমূহত বিজেপিয়ে ৫ টাতকৈ বেছি ভোট পোৱা নাই ৷ পশ্চিমবংগতো আৰ এছ এছৰ অহোপুৰুষাৰ্থৰ পাছতো বিজয়ী হ’ল মমতা বেণাৰ্জী ৷ এনে পৰিস্থিতিত মোহন ভাগৱতৰ মন্তব্যৰ মূল বিৰোধিতা অসম আৰু পশ্চিমবংগৰ পৰাই হোৱা বুলি বাতৰি ওলাইছে ৷ কিন্তু মোহন ভাগৱতৰ মুছলমান সম্পৰ্কে এয়াই প্ৰথম বক্তব্য নহয় ৷ ইয়াৰ পূৰ্বে ২০১৮ চনত দিল্লীত তেও মন্তব্য কৰিছিল যে মুছলমান অবিহনে হিন্দুত্ব আধৰুৱা ৷ হিন্দুস্থানত বাস কৰা প্ৰতিজন লোকেই হিন্দুস্থানী ৷ যদি কাৰোবাৰ হিন্দুস্থানী শব্দটোৰ লগত আপত্তি আছে , তেনেহ’লে তেও নিজকে ভাৰতীয় বুলি পৰিচয় দিব পাৰে ৷
মোহন ভাগৱতৰ সেই মন্তব্যৰ পাছতো সৃষ্টি হৈছিল ব্যাপক বিতৰ্কৰ ৷সংঘ পৰিয়ালে তেওৰ এই মন্তব্যৰ মুকলি বিৰোধিতা কৰা নাছিল যদিও অসন্তুষ্টিৰ বাতৰি তেতিয়াও ৰাজহুৱা হৈছিল ৷ভাগৱতৰ এই মন্তব্য মানি ল’ব পৰা নাছিল আন আন প্ৰচাৰকসকলে ৷মোহণ ভাগৱতৰ সৈতে একেলগে সংঘৰ প্ৰচাৰকৰ দায়িত্ব লোৱা ৰমেশ সিলেদাৰৰ মতে – হিন্দুত্বৰ উদ্দেশ্যই ধৰ্মনিৰপেক্ষ হ’ব লাগে ৷ কিন্তু এই কথাটোত বাৰাম্বাৰ জোৰ দি থকাটো উচিত নহয় ৷ ইয়ে সংঘৰ কাৰ্যকৰ্তাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব ৷
মুছলমানক লৈ সংঘৰ মাজত সৃষ্টি হোৱা বিতৰ্ক এয়েই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বে সংঘৰ মুৰব্বীৰ আসনত থকা মাধুকৰ দত্তৰায় দেওৰাসে ১৯৭৭ চনত এবাৰ মন্তব্য কৰিছিল যে আৰ এছ এছৰ দুৱাৰ মুছলমানৰ বাবেও মুকলি কৰি দিব লাগে ৷ এই মন্তব্যৰ মুকলি বিৰোধিতা কৰিছিল সেই সময়ৰ আন আন আৰ এছ এছ নেতাসকলে ৷ আনকি সেইসময়ৰ মহাৰাষ্ট্ৰৰ আৰ এছ এছ মুৰব্বী বি লিময়ে এখন মুকলি চিঠি লিখি মন্তব্য কৰিছিল যে আপোনাক আৰ এছ এছৰ মুৰব্বীৰ সন্মান দিয়া হৈছে ৷ এই আসনত পূৰ্বে ডাক্তৰ হেডগৱাৰৰ দৰে ব্যক্তি বহিছিল ৷ অনুগ্ৰহ কৰি তেওৰ চিন্তাধাৰালক সলনি কৰাৰ চেষ্টা নকৰিব ৷ যদি আপুনি পৰিৱৰ্তন প্ৰয়োজনীয় বুলি ভাবিছে , তেনেহ’লে নিজাববীয়াকৈ নতুন আৰ এছ এছ গঠন কৰক ৷ হিন্দুসকলক সংগঠিত কৰাৰ কাম আমাৰ ওপৰত এৰি দিয়ক ৷ মুছলমানক লৈ পৰস্পৰ বিৰোধী মত প্ৰকাশ কৰিছিল বীৰ ছাৱাৰকাৰ আৰু দীনদয়াল উপাধ্যায়েও ৷ ছাৱাৰকাৰৰ মতে মুছলমানসকলে নিজৰ হিন্দুত্বকৰণ সম্পূৰ্ণ কৰিলেহে হিন্দুস্থানত থকাৰ উপযুক্ত হিচাপে বিবেচিত হ’ব ৷ ইয়াৰ বিপৰীতে দীনদয়ালল উপাধ্যায়ে কৈছিল যে মুছলমানসকলক স্নেহপূৰ্বক , সন্মানজনক ব্যৱহাৰ কৰা উচিত ৷ এইদৰেই মুছলমানসকলক লৈ আৰ এছ এছৰ মজিয়াত দীৰ্ঘদিনৰ পৰাই মতভেদ চলি আহিছে ৷ এইবাৰ পুণৰ একেই বিতৰ্কৰ সূচনা কৰিছে খোদ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ৷ লক্ষণীয় কথাটো হ’ল ভাগৱতৰ মন্তব্যৰ মুখ্য বিৰোধীতা হৈছে অসমৰ পৰা ৷ এই বাতৰিয়ে এতিয়া ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোণাম দখল কৰিছে ৷ সি যি কি নহওক আৰ এছ এছ প্ৰধানগৰাকীৰ মন্তব্যক লৈ সৃষ্টি হোৱা শেহতীয়া বিতৰ্ক এতিয়া লক্ষণী্য হৈ পৰিছে ৷

Leave A Reply

Your email address will not be published.