মোহন ভাগৱতে এয়া কি ক’লে ? অসমৰ পৰাই যি কথাৰ বিৰোধিতা হল-

Share This Article

দেওবাৰে গাজিয়াবাদৰ এখন সভাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে এইদৰে মন্তব্য কৰে – কোনোবা হিন্দুৱে যদি কয় যে মুছলমান ইয়াত থাকিব নোৱাৰে , তেনেহ’লে তেও হিন্দু নহয় ৷ গৰু এটা পবিত্ৰ জন্তু কিন্তু কোনোবাই যদি ইয়াৰ নামত আনক হত্যা কৰিছে , তেনেহ’লে ই হিন্দুত্বৰ বিৰোধী ৷ এনে লোকৰ ক্ষেত্ৰত আইনে নিজৰ মতে ব্যৱস্থা ল’ব লাগে ৷ মোহন ভাগৱতৰ এই মন্তব্যৰ পাছতে হাহাকাৰ লাগিছে আৰ এছ এছৰ ভিতৰচ’ৰাত ৷

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ মতে , প্ৰায় ৫০ বছৰ পাছত আৰ এছ এছৰ ভিতৰচ’ৰাত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে যে সংঘৰ মুৰব্বীৰ মন্তব্যক লৈ নিজৰ মাজতে বিৰোধিতা হৈছে ৷ দৈনিক ভাস্কৰৰ বাতৰি অনুসৰি – এই বিৰোধিতা আহিছে মূলত: নাগপুৰ অসম আৰু পশ্চিমবংগৰ পৰা ৷

কাৰণ অসম আৰু পশ্চিমবংগত শেহতীয়া নিৰ্বাচনত আৰ এছ এছে পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ৷অসমত মুছলমান অধ্যুষিত অঞ্চলসমূহত ২০ জনীয়া সমিতিও গঠন কৰা হৈছিল ৷ কিন্তু নিৰ্বাচনী ফলাফলত দেখা গ’ল যে এই অঞ্চলসমূহত বিজেপিয়ে ৫ টাতকৈ বেছি ভোট পোৱা নাই ৷ পশ্চিমবংগতো আৰ এছ এছৰ অহোপুৰুষাৰ্থৰ পাছতো বিজয়ী হ’ল মমতা বেণাৰ্জী ৷ এনে পৰিস্থিতিত মোহন ভাগৱতৰ মন্তব্যৰ মূল বিৰোধিতা অসম আৰু পশ্চিমবংগৰ পৰাই হোৱা বুলি বাতৰি ওলাইছে ৷ কিন্তু মোহন ভাগৱতৰ মুছলমান সম্পৰ্কে এয়াই প্ৰথম বক্তব্য নহয় ৷ ইয়াৰ পূৰ্বে ২০১৮ চনত দিল্লীত তেও মন্তব্য কৰিছিল যে মুছলমান অবিহনে হিন্দুত্ব আধৰুৱা ৷ হিন্দুস্থানত বাস কৰা প্ৰতিজন লোকেই হিন্দুস্থানী ৷ যদি কাৰোবাৰ হিন্দুস্থানী শব্দটোৰ লগত আপত্তি আছে , তেনেহ’লে তেও নিজকে ভাৰতীয় বুলি পৰিচয় দিব পাৰে ৷
মোহন ভাগৱতৰ সেই মন্তব্যৰ পাছতো সৃষ্টি হৈছিল ব্যাপক বিতৰ্কৰ ৷সংঘ পৰিয়ালে তেওৰ এই মন্তব্যৰ মুকলি বিৰোধিতা কৰা নাছিল যদিও অসন্তুষ্টিৰ বাতৰি তেতিয়াও ৰাজহুৱা হৈছিল ৷ভাগৱতৰ এই মন্তব্য মানি ল’ব পৰা নাছিল আন আন প্ৰচাৰকসকলে ৷মোহণ ভাগৱতৰ সৈতে একেলগে সংঘৰ প্ৰচাৰকৰ দায়িত্ব লোৱা ৰমেশ সিলেদাৰৰ মতে – হিন্দুত্বৰ উদ্দেশ্যই ধৰ্মনিৰপেক্ষ হ’ব লাগে ৷ কিন্তু এই কথাটোত বাৰাম্বাৰ জোৰ দি থকাটো উচিত নহয় ৷ ইয়ে সংঘৰ কাৰ্যকৰ্তাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব ৷
মুছলমানক লৈ সংঘৰ মাজত সৃষ্টি হোৱা বিতৰ্ক এয়েই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বে সংঘৰ মুৰব্বীৰ আসনত থকা মাধুকৰ দত্তৰায় দেওৰাসে ১৯৭৭ চনত এবাৰ মন্তব্য কৰিছিল যে আৰ এছ এছৰ দুৱাৰ মুছলমানৰ বাবেও মুকলি কৰি দিব লাগে ৷ এই মন্তব্যৰ মুকলি বিৰোধিতা কৰিছিল সেই সময়ৰ আন আন আৰ এছ এছ নেতাসকলে ৷ আনকি সেইসময়ৰ মহাৰাষ্ট্ৰৰ আৰ এছ এছ মুৰব্বী বি লিময়ে এখন মুকলি চিঠি লিখি মন্তব্য কৰিছিল যে আপোনাক আৰ এছ এছৰ মুৰব্বীৰ সন্মান দিয়া হৈছে ৷ এই আসনত পূৰ্বে ডাক্তৰ হেডগৱাৰৰ দৰে ব্যক্তি বহিছিল ৷ অনুগ্ৰহ কৰি তেওৰ চিন্তাধাৰালক সলনি কৰাৰ চেষ্টা নকৰিব ৷ যদি আপুনি পৰিৱৰ্তন প্ৰয়োজনীয় বুলি ভাবিছে , তেনেহ’লে নিজাববীয়াকৈ নতুন আৰ এছ এছ গঠন কৰক ৷ হিন্দুসকলক সংগঠিত কৰাৰ কাম আমাৰ ওপৰত এৰি দিয়ক ৷ মুছলমানক লৈ পৰস্পৰ বিৰোধী মত প্ৰকাশ কৰিছিল বীৰ ছাৱাৰকাৰ আৰু দীনদয়াল উপাধ্যায়েও ৷ ছাৱাৰকাৰৰ মতে মুছলমানসকলে নিজৰ হিন্দুত্বকৰণ সম্পূৰ্ণ কৰিলেহে হিন্দুস্থানত থকাৰ উপযুক্ত হিচাপে বিবেচিত হ’ব ৷ ইয়াৰ বিপৰীতে দীনদয়ালল উপাধ্যায়ে কৈছিল যে মুছলমানসকলক স্নেহপূৰ্বক , সন্মানজনক ব্যৱহাৰ কৰা উচিত ৷ এইদৰেই মুছলমানসকলক লৈ আৰ এছ এছৰ মজিয়াত দীৰ্ঘদিনৰ পৰাই মতভেদ চলি আহিছে ৷ এইবাৰ পুণৰ একেই বিতৰ্কৰ সূচনা কৰিছে খোদ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ৷ লক্ষণীয় কথাটো হ’ল ভাগৱতৰ মন্তব্যৰ মুখ্য বিৰোধীতা হৈছে অসমৰ পৰা ৷ এই বাতৰিয়ে এতিয়া ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোণাম দখল কৰিছে ৷ সি যি কি নহওক আৰ এছ এছ প্ৰধানগৰাকীৰ মন্তব্যক লৈ সৃষ্টি হোৱা শেহতীয়া বিতৰ্ক এতিয়া লক্ষণী্য হৈ পৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.