আয়ুৰ্বেদিক কাৰণত প্ৰতিদিনে গো মূত্ৰ সেৱন কৰে নেকি অক্ষয় কুমাৰে!

বলিউডৰ তাৰকা অক্ষয় কুমাৰে যোৱা কালি এক ইনষ্টাগ্ৰাম ইন্টাৰভিউত কয় যে তেওঁ আয়ুৰ্বেদিক কাৰণত প্ৰতিদিনে গো মূত্ৰ সেৱন কৰে।

ইনষ্টাগ্ৰাম ইণ্টাৰভিউটো আছিল অক্ষয় কুমাৰে শেহতীয়াকৈ বিয়েৰ গ্ৰীলছ নামৰ ৱাইল্ড লাইফ এডভেন্সাৰ জনৰ সৈতে “Into the Wild” শীৰ্ষক অনুষ্ঠানটোৰ ছুটিং সম্পৰ্কে। “INTO THE WILD” অনুষ্ঠানটো এইবাৰ বিয়েৰ গ্ৰীলছ আৰু অক্ষয় কুমাৰে বন্দীপুৰ নেচনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভত কৰিছে। অনুষ্ঠানত দুয়োজনে হাতীৰ মলৰ পৰা বিনোৱা চাহ খোৱাৰ এক দৃশ্য আছে। সেই সম্পৰ্কে নিজৰ মত পোষণ কৰি অক্ষয় কুমাৰে কয় যে হাতীৰ মলৰ চাহ খোৱাটো তেখেতৰ বাবে বৰ বিশেষ কঠিন নহয় কিয়নো আয়ুৰ্বেদিক কাৰণত তেওঁ দৈনিক গো মূত্ৰ সেৱন কৰি আহিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296