অনুৰাগ কাশ্যপ আৰু কুনাল কামৰাই এইবাৰ অৰ্ণব গোস্বামীক দিলে শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা,পিছে চেন্ডেলেৰেহে

Share This Article

কমেডিয়ান কুনাল কামৰা আৰু চিনেমা ডাইৰেক্টৰ অনুৰাগ কাশ্যপ আজি উপস্থিত হ’ল মুম্বাই স্থিত ৰিপাব্লিক টিভিৰ অফিচত। উদ্দেশ্য অৰ্ণব গোস্বামীক শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদান কৰা। পিছে ৰিপাব্লিক টিভিৰ চিকউৰিতি গাৰ্ডে দুয়োজনক অফিচৰ ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি নিদিলে। কিয়নো তেওঁলোকে অৰ্ণব গোস্বামীক দিবলৈ বিচৰা উক্ত বঁটাত আছিল এযোৰ চেন্ডেল। ৰিপাব্লিক টিভিৰ অফিচৰ বাহিৰত তোলা এখন ফটো টুইটাৰ যোগে দি কমেডিয়ান কুনাল কামৰাই কয় যে “আজি আমি অৰ্ণব গোস্বামীৰ ৰিপাব্লিক টিভিৰ অফিচলৈ তেখেতক শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা দিবলৈ আহিছিলোঁ। কিন্ত চিকউৰিতি গাৰ্ডে আমাক বিনা অনুমতিত প্ৰৱেশ কৰিব নিদিয়ে বুলি জনালে।”

এইদৰে অৰ্ণব গোস্বামীক কৰা উপলুঙাৰ টুইট বৰ্তমান ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau