সুদৰ্শন নিউজৰ “UPSC জেহাদ” শীৰ্ষক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ অনুমতি দিলে কেন্দ্ৰই

Share This Article

বিতৰ্কিত সুদৰ্শন নিউজ চেনেলৰ “UPSC জেহাদ” শীৰ্ষক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰই। যোৱা ৯ ছেপ্টেম্বৰত প্ৰচাৰ আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ(I & B ministry) এক নিৰ্দেশনাত চেনেলটোক উক্ত অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ অনুমতি দিয়া হয় আৰু কোনো ধৰণৰ প্ৰগ্ৰেম ক’ড উলংঘা হলে বিহিত ব্যৱস্থা লোৱা হব বুলিও জনায়।

নিৰ্দেশনাটোত মন্ত্ৰালয়ে আৰু কয় যে যিকোনো অনুষ্ঠান মন্ত্ৰালয়ে আগতীয়াকৈ বন্ধ কৰিব বা সম্প্ৰচাৰত বাধা প্ৰদান কৰিব নোৱৰে। অনুষ্ঠানটো সম্প্ৰচাৰ হোৱাৰ পিছত যদি কোনো ধৰণৰ নিয়ম উলংঘন কৰা পৰিলক্ষিত হয় তেতিয়া হে ব্যৱস্থা লব পৰা যাব।

উল্লেখযোগ্য যে “UPSC জেহাদ” শীৰ্ষক প্ৰচাৰ হ’ব লগীয়া সেই কাৰ্য্যক্ৰমত চেনেলটোৱে কাৰ্যপালিকাৰ সৰ্বোচ্চ পদত থকা মুছলমান অনুপ্ৰৱেশকাৰীৰ তথ্য পোহৰলৈ অনা হ’ব বুলি দাবী কৰিছিল।উক্ত কাৰ্যক্ৰমৰ প্ৰম ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতে IPS ASSOCIATION কে আদি কৰি বহুতো লোকে সুদর্শন টিভিক সমালোচনা কৰিছিল। ইয়াৰ লগে লগে দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে কৰা আবেদনৰ ভিত্তিত দিল্লী ন্যায়ালয়ৰ এক শুনানিত উক্ত কাৰ্যক্ৰম স্থগিত কৰাৰ নিৰ্দেশ দিয়া হৈছিল

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.