Investigative reporting with dedication.
বিগত ৬ বছৰে অৰুণাচলৰ ভূমি দখল PLAৰ

অসমৰ সমীপৰ অৰুণাচল প্ৰদেশত চীনে ভাৰতৰ ভূমি দখল কৰাৰ গুৰুতৰ তথ্য পোহৰলৈ আহিছে। অৰুণাচল প্ৰদেশৰ নাহ জনজাতিৰ লোকসকলে উত্তৰ সোৱণশিৰি জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চীনৰ আগ্ৰাসনৰ অভিযোগ উত্থাপন কৰিছে। বিগত ছবছৰত চীনৰ পিপ’ল লিবাৰেচন আৰ্মীয়ে তেওঁলোকৰ চৰণীয়া মাটি, কৃষিক্ষেত্ৰৰ এক বৃহৎ অংশ দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে নাহ জনজাতিৰ লোকসকলে। এই বিষয়ে জিলাখনৰ উপ-আয়ুক্তক এখন স্মাৰক পত্ৰ দাখিল কৰিছে নাহ ৱেলফেয়াৰ চ’চাইটি চমুকৈ NWSএ। NWSৰ মতে, চীনে দখল কৰা ভূমিসমূহ নাহ জনজাতীয় লোকসকলৰ যিবোৰ পূৰ্বপুৰুষৰ ভূমি আছিল। ইয়াতেই তেওঁলোকে বছৰ বছৰ ধৰি মুক্ত মনেৰে ঘূৰি ফুৰিছিল, চিকাৰ কৰিছিল, খেতি কৰিছিল। কিন্তু সেই ভূমি বিগত ৬ বছৰ ধৰি বেদখল কৰি ৰাখিছে চীনৰ PLAএ।
চীনৰ বিৰুদ্ধে সীমান্তৰ কাষৰীয়া আপাৰ সোৱণশিৰি জিলাৰ তাকছিং ৰাজহ চক্ৰৰ অন্তৰ্গত ৫ টাকৈ স্থানত ভূমি দখলৰ অভিযোগ উত্থাপন কৰি NWS-এ কয় যে চীনৰ চৰকাৰে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থানসমূহ দখল কৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষৰ অঞ্চলসমূহৰ ওপৰত দ্ৰুতগতিত নিজৰ আধিপত্য বিস্তাৰ কৰি আছে।
তদুপৰি, বিগত ১০ৰ পৰা ১৫ বছৰ ধৰি চীনাসকলে সীমান্তৰ অধিক ভূমি দখল কৰাৰ উদ্দেশ্যৰে তাকছিং সীমান্ত অঞ্চলত তেওঁলোকৰ কাৰ্যকলাপ যথেষ্ট বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপন কৰে। NWSএ স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে, ২০২০ চনলৈকে যিবোৰ ভূমি তেওঁলোকৰ দখলত আছিল বা যিবোৰ অঞ্চলৰ পৰা বছৰ বছৰ ধৰি স্থানীয় লোকসকলে বনজ সম্পদ আহৰণ কৰি আছিল সেই ভূমিসমূহ বৰ্তমান বলপূৰ্বকভাৱে দখল কৰিছে PLA-এ।
একেদৰে তাকছিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ঠাইত ইতিমধ্যে চীনা অনুপ্ৰৱেশকাৰীয়ে দখল কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। আনকি ভাৰতৰ মাটিতে চীনা সৈন্যই সামৰিক কেম্প আৰু পথ নিৰ্মাণ কৰা বুলিও পত্ৰখনত অভিযোগ উত্থাপন কৰে।
ইফালে এই সন্দৰ্ভত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে নাহ সম্প্ৰদায়ৰ লোকসকলে। জিলা প্ৰশাসনেই হওক বা ৰাজ্য চৰকাৰে হওঁক এই বিষয় সন্দৰ্ভত কোনো আনুষ্ঠানিক সঁহাৰি নিদিয়াৰ অভিযোগ সম্প্ৰদায়টোৰ। লগতে জিলাখনৰ উচ্চ পদস্থ বিষয়া, উপ-আয়ুক্তয়ো কোনো মন্তব্য কৰাৰ পৰা বিৰত থকা বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী জনতাই। চৰকাৰ, প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ বাবে বৰ্তমান আতংকিত হৈ পৰিছে আপাৰ সোৱণশিৰিত থকা নাহ সম্প্ৰদায়ৰ লোকসকল। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, ভাৰত-চীনৰ মাজৰ সম্পৰ্ক কেনেকুৱা সেই বিষয়ে সমগ্ৰ বিশ্বৰ জ্ঞাত। ১৯৬২ চনৰ পৰাই দুয়োখন দেশৰ মাজত সীমাক লৈ বিবাদ অব্যাহত। ২০২০ চনতো লাডাখৰ গালাৱানত দুয়োখন দেশৰ সৈন্যৰ মাজত হৈছিল হতাহতি। য’ত ভাৰতৰ ২০গৰাকীকৈ সৈন্য নিহত হৈছিল। অৰ্থাৎ সৰল ভাষাত ক’বলৈ গ’লে সীমাক লৈ ভাৰত আৰু চীনৰ বিবাদ হৈছে বহু পুৰণি। প্ৰায় সময়তে সীভান্তত চীনৰ আগ্ৰাসন দেখা পোৱা যায়। বৰ্তমান পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে অৰুণাচলৰ আপাৰ সুৱনশিৰি জিলাত। কিন্তু লক্ষনীয়ভাৱে এনে এটা স্পৰ্শকাতৰ বিষয়ক লৈ মৌন হৈ আছে চৰকাৰ। ভাৰতৰ ভূমি চীনে বেদখল কৰাৰ পাছতো গুৰুত্ব নাই অৰুণাচল চৰকাৰ কিম্বা কেন্দ্ৰীয় চৰকাৰৰ। গতিকে এতিয়া প্ৰশ্ন হয়- ভাৰতীয় লোকসকলৰ জীৱনক লৈ গুৰুত্ব নাই নেকি ভাৰত চৰকাৰৰ? চীনৰ আগ্ৰাহী মনোভাৱক লৈ মৌন কিয় চৰকাৰ? জিলা প্ৰশাসন, চৰকাৰক অৱগত কৰাৰ পাছতো কিয় গুৰুত্ব দিয়া নাই চৰকাৰে?





