ৰাহুলৰ অ’ বি চি ট্ৰামকাৰ্ডত দেশৰ ৰাজনীতিত আলোড়ন

সমাজৰ পাছপৰা শ্ৰেণীৰ লোকসকলেই নিৰ্ধাৰণ কৰিব ২০২৪ ত দিল্লীৰ সিংহাসন হ’ব কাৰ । সেইবাবেই পাছপৰা লোকসকল উপনীত হৈছে দেশৰ ৰাজনীতিৰ মূল অভিকেন্দ্ৰত ।সংসদৰ ভিতৰে বাহিৰে অ’ বি চিৰ অধিকাৰক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত আলোচনা কৰিবলৈ গৈ কংগ্ৰেছ নেতাগৰাকীয়ে উত্থাপণ কৰিছিল দেশৰ প্ৰশাসনত অ’ বি চিৰ অংশীদাৰীত্বৰ প্ৰশ্ন ।তাৰ পাছত ইখনৰ পাছত সিখন জনসভাত ৰাহল গান্ধীয়ে সজোৰে উত্থাপণ কৰিছে জাতিগত লোকগণনাৰ দাবী।এইবাৰ চট্টিছগড়ত আকৌ একেই দাবীৰে সৰৱ হৈ পৰিল কংগ্ৰেছ নেতা ৰাহল গান্ধী । কিন্তু ৰাহুল গান্ধীৰ এই প্ৰত্যাহ্বান পোনপটীয়াকৈ গ্র্হণ কৰিবলৈ মুঠেই সাজু নহয় বিজেপি। কাৰণ বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিতেই লুকাই আছে অ’ বি চিৰ সমীকৰণ ।২০১৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অতি কৌশলেৰে উত্তৰ প্ৰদেশৰ পাছপৰা সম্প্ৰদায়ৰ লোকসকলক নিজৰ লগত জড়িত কৰাবলৈ সক্ষম হৈছিল।বিজেপিৰ হিন্দুত্বৰ আৱৰণৰ তলত গোট খাইছিল অ’ বি চিৰ কেবাটাও কেবাটাও সম্প্ৰদায়। যাৰ বাবে উত্তৰ প্ৰদেশত বিজেপিৰ অভূতপূৰ্ব বিজয় সম্ভৱপৰ হৈ পৰিছিল ।তাৰ পাছত ২০১৭ চনত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনতো একেটাই ৰণকৌশল হাতত লৈ বিজয়ৰ সোৱাদ পাইছিল বিজেপিয়ে।এই ৰণকৌশলৰ আৰত আছিল এজন বিশেষ ব্যক্তি।যাৰ নাম সুনীল কানুগুলো ৷ যিয়ে অ’ বি চি সম্প্ৰদায়সমূহক চিনাক্ত কৰি বিজেপিৰ ওচৰ চপাবলৈ সক্ষম হৈছিল ।সেই সুনীল কানুগুলোৱে এইবাৰ পোনপটীয়াকৈ যোগদান কৰিছে কংগ্ৰেছ দলত। তেও নিশ্চয় ভালদৰেই চিনাক্ত কৰি উলিয়াইছে যে বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিৰ আৰত থকা আচল উপাদানসমূহ কি কি ? হিন্দুত্ব আচলতে যে এখন আৱৰণ , এটা শ্ল’গান সেয়া সুনীল কানুগুলোৱে ভালদৰেই বুজি পায় ৷ এই হিন্দুত্বক প্ৰকৃততে মজবুত কৰিছে বিভিন্ন অ’ বি চি সম্প্ৰদায়সমূহেহে।হিন্দুত্বৰ ৰাজনীতিৰ এই সুৰুঙা বুজি উঠাৰ পাছত কংগ্ৰেছে আৰম্ভ কৰিছে বিজেপিৰ দুৰ্বলতাত আঘাত কৰিবলৈ ।ধাৰাবাহিলভাৱে ৰাহুল গান্ধীয়ে উত্থাপণ কৰিছে জাতিগত জনগণনাৰ দাবী ।কেৱল সেয়াই নহয় , কেন্দ্ৰীয় চৰকাৰৰ মূল ৯০ গৰাকী সচিবৰ মাত্ৰ ৩ গৰাকীহে অ’ বি চি সম্প্ৰদায়ৰ সেই কথাও মুকলিকৈ প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে।ৰাহুল গান্ধীৰ এই মন্তব্যৰ পোনপটীয়া প্ৰত্যুত্তৰ এতিয়াও দিব পৰা নাই বিজেপিয়ে ।কিয়নো জাতিগত জনগণনাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই দেশৰ ৰাজনীতিত আকৌ মণ্ডল ৰাজনীতিৰ যুগ ঘুৰি অহাৰ শংকা বিজেপিৰ ।সেইবাবেই জাতিগত জনগণনাৰ পৰা আতৰি ক্ষয় ক্ষতি মেৰামতি কৰিবলৈ বিজেপিয়ে এইবাৰ আয়োজন কৰিব অ’ বি চি মহাকুম্ভৰ ।২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশত বিজেপিয়ে আয়োজন কৰিবলৈ লৈছে অ’ বি চি মহাকুম্ভৰ ।য’ত ৭৯ টা সম্প্ৰদায়ৰ লক্ষাধিক লোকক সমাবেত কৰোৱাৰ লক্ষ্য লৈছে বিজেপিয়ে ।এইদৰেই ৰাহলৰ অ’ বি চি ট্ৰামকাৰ্ডক প্ৰতিহত কৰাৰ চেষ্টা হাতত লৈছে বিজেপিয়ে ৷ কিন্তু একেটা সময়তে স্পষ্ট হৈ পৰিছে যে কেৱল হিন্দুত্বৰ শ্ল’গানেৰে এইবাৰ বিজয় সহজসাধ্য নহ’ব বিজেপিৰ ।কিয়নো বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিৰ সুৰুঙা সঠিকভাৱেই বিচাৰি উলিয়াবলৈ সক্ষম হৈছে ৰাহুল গান্ধী ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296