দক্ষিণ ভাৰতত সৰ্বস্ব হেৰুওৱাৰ দিশে বিজেপি

Share This Article

লোকসভা নিৰ্বাচনৰ পূৰ্বে আন এক মোক্ষম বিজেপি নেতৃত্বাধীন এন ডি এত ।এইবাৰ এন ডি এ এৰিলে পুৰণি আৰু বৃহৎ সহযোগী দল এ আই এ ডি এম কেই । সোমবাৰে দলটোৱে এই সিদ্ধান্তৰ কথা আনুষ্ঠানিভাৱে সদৰী কৰে।চেন্নাইত সোমবাৰে অনুষ্ঠিত দলটোৰ এক উচ্চস্তৰীয় বৈঠকৰ পাছতেই এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে সদৰী কৰে । ইয়াৰ লগে লগে বিজেপি নেতৃত্বাধীন এন ডি এ দক্ষিণ ভাৰতত কাৰ্যত: অস্তিত্বহীন হৈ পৰিল ৷ কেৱল এন ডি ত্যাগ কৰাই নহয় , এই সিদ্ধান্তৰ পাছতেই এ আই এ ডি এমকে সামাজিক মাধ্যমত স্পষ্টকৈ ঘোষণা কৰে যে ভৱিষ্যতেও বিজেপিৰ বাবে দুৱাৰ বন্ধ কৰা হ’ল। সামাজিক মাধ্যমত এ আই এ ডি এম কেৰ হেচটেগ- #থেংক ইউ , নেভাৰ কাম বেক এগেইন।এ আই ডি এম কেৰ স্পষ্ট অভিযোগ , বিজেপিয়ে তালিমনাডুত মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই ৷ যাৰ বাবে দলৰ ২ কোটি সদস্যৰ প্ৰতি সন্মান জনাই এ আই এ ডি এম কে এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল ।২০১৯ ৰ লোকসভা নিৰ্বাচন আৰু ২০২১ ৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ সংগী আছিল এই এ আই ডি এম কে।মন কৰিবলগীয়া কথাটো হ’ল এন ডি এ ত্যাগ কৰা এ আই এ ডি এম কে হৈছে এন ডি এৰ চতুৰ্থ বৃহত্তম দল ।২০১৯ ৰ নৱেম্বৰত এন ডি এ ত্যাগ শিৱসেনাৰ ,২০২০ ৰ ছেপ্তেম্বৰত শিৰোমণি আকালি দলে এৰিলে এন ডি এ, ২০২২ ৰ আগষ্টত জে ডি (ইউ) ৰ এন ডি এ পৰিত্যাগ আৰু তাৰ পাছত ২০২৩ ৰ ছেপ্তেম্বৰত এন ডি এৰ পৰা বাহিৰ হ’ল এ আই এ ডি এম কে।অৰ্থাৎ যিসময়ত ২৬ টা বিৰোধী দলে সন্মিলিতভাৱে বিৰোধী মিত্ৰজোট ‘ইণ্ডিয়া’ গঠন কৰিছে , সেই সময়ত এটা এটাকৈ পুৰণি সহযোগী দলে ত্যাগ কৰিছে এন ডি এ।যিটো বিজেপিৰ বাবে নিৰ্বাচনৰ পূৰ্বে মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ।মূল কথাটো হ’ল , বিজেপিয়ে যিমানেই হিন্দুত্বৰ ৰাজনীতিক ২০২৪ ৰ মূল ৰণনীতি কৰিবলৈ বিচাৰিছে , সিমানেই দ্ৰাবিড়ীয় প্ৰভাৱ থকা দক্ষিণ ভাৰতত দলটোৰ নূন্যতম ভেটিও খহিবলৈ আৰম্ভ কৰিছে।এনে পৰিস্থিতিত সমাজৰ পাছপৰা লোকসকলৰ সমৰ্থন হেৰুওৱাৰ শংকাত ভুগিছে এ আই ডি এম কেৰ দৰে দলসমূহ।যাৰ বাবে সকলো দক্ষিণ ভাৰতীয় ৰাজনৈতিক দলেই বিজেপিৰ পৰা দূৰত্ব বৃদ্ধি কৰাৰ চেষ্টা আৰম্ভ কৰিছে।ইফালে এ আই এ ডি এম কেই এন ডি এ ত্যাগ কৰাৰ সমান্তৰালভাৱে এন ডি এত নতুনকৈ চামিল হৈছে কৰ্ণাটকৰ ৰাজনৈতিক দল জে ডি (এছ) । বিগত বিধানসভা নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খোৱাৰ পাছত অস্তিত্ব ৰক্ষাৰ বাবেই বিজেপিৰ কাষ চাপিছে জে ডি (এছ) ।কিন্তু দলটোৰ এই সিদ্ধান্তৰ পাছতেই জে ডি (এছ)ৰ মজিয়াতো আৰম্ভ হৈছে বিদ্ৰোহ।কিয়নো জে ডি(এছ)ৰ মূল ভেটি আছিল সমাজৰ পাছপৰা আৰু সংখ্যালঘু লোকসকল।কিন্তু শীৰ্ষ নেতৃত্বই বিজেপিৰ সৈতে মিত্ৰতা স্থাপনৰ পাছতেই ইজনৰ পাছত সিজন সংখ্যালঘু নেতাই দল ত্যাগ কৰি মুকলি বিদ্ৰোহ ঘোষনা কৰিছে ।যিটো বিজেপি আৰু জে ডি (এছ) দুয়োটা দলৰ বাবেই অশনি সংকেত হিচাপে বিবেচিত হৈছে । এইদৰেই বিজেপিয়ে এতিয়া দক্ষিণ ভাৰতত অৱশিষ্ট ভেটিকনো হেৰুওৱাৰ উপক্ৰম হৈছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.